চুটি চুটি কৌতুক


১) মিউজিয়ামত ……
গাইদ :আপুনি এয়া কি কৰিলে?৫০০ বছৰীয়া মূৰ্তিটো হাত লগাই
ভাঙি পেলালে !
চৰ্দাৰ:উহ ৰক্ষা !মই আকৌ এইটো নতুন বুলি ভয়েই
খাইছিলো ………

২) চৰ্দাৰ: ঐ যাচোন ফুলকেইডালত পানী দি আহগৈ।
চাকৰ:কিন্তু বৰষুণ দিয়েই আছে দেখোন!
চৰ্দাৰ :তাতে কি হ'ল? ছাতি এটা লৈ গ'লেই হ'ল …………

৩) পষ্টমেন:আপোনাৰ চিঠিখন দিবলৈ ৫ মাইল
খোজকাঢ়ি আহিবলগা হ'ল ।
চৰ্দাৰ: ইমান কষ্ট মিছাতেই কৰিলে ! তাতকৈ মোলৈ পষ্ট
কৰি পঠালেই হ'ল হয় !…………

৪)বন্ধু:ঐ তই কেপচুলটোৰ চাইদবিলাক কাটি আছ যে?
চৰ্দাৰ:তই বুজি নাপাবি এইবোৰ ।ই যাতে একো চাইদ্ এফেক্ট
নকৰে সেয়ে খোৱাৰ আগতে চাইদবিলাক গুচাই আছোঁ।…………

৫)এজনী ধুনীয়া ছোৱালী দেখি চৰ্দাৰে এজনে কিচ
কৰিবলৈ চেষ্টা কৰিলে।
ছোৱালী:কি কৰি আছে আপুনি?
চৰ্দাৰ:বি কম্ ৩য় বৰ্ষ।হিন্দু কলেজ।…………

৬) শিক্ষকে শ্ৰেণীত ক্ৰিকেতৰ ওপৰত ৰচনা লিখিব দিলে।
চৰ্দাৰে ৩ মিনিটৰ ভিতৰতে লিখি জমা দিলে ।
তাত লিখা আছিল "বৰষুণৰ বাবে আজিৰ খেল বাতিল! "

Comments