ৰচনা

                  শেঙুনৰ

শেঙুন এবিধ অৰ্ধ জুলীয়া পদাৰ্থ ।মানুহৰ চৰ্দি লাগিলে নাকেদি এই পদাৰ্থবিধ বাহিৰলৈ ওলাই আহে । সৰুৰ পৰা আৰম্ভ কৰি ডেকা গাভৰু, বুঢ়া বুঢ়ী সকলোৰেই মাজে মাজে নাকৰ ফুটাই দি এই বস্তুবিধ ওলায় ।
সৰু লৰা ছোৱালীয়ে এই পদাৰ্থ বিধ কেতিয়াবা খাই পেলায় বা নিজৰ গাৰ কাপোৰত সানি থয় । সৰু লৰা ছোৱালী বোৰৰ নাকেৰে যেতিয়া এই শেঙুন নামৰ বস্তুটো ওলাই আহি মুখৰ ওচৰ পাইহি তেতিয়া সিহঁতে পুনৰ টানি নাকৰ ভিতৰত ভৰাই থোৱা দেখা যায় ।
কিছুমানে আকৌ জিভাৰে চেলেকি থকাও দেখিবলৈ পোৱা যায় ৷
ডেকা গাভৰু সকলে আকৌ ৰুমাল নামৰ এবিধ সৰু কাপোৰত এই পদাৰ্থ বিধ সঞ্চিত কৰি ৰাখে । আনৰ চকুত নপৰাকৈ ৰাখিব পৰাটো এটা ভাল গুণ গাভৰু সকলৰ আছে যদিও মাজে মাজে ধৰা পৰি যায় ।
বৃদ্ধ সকলৰ এইবিধ বস্তুৰ প্ৰতি কোনো লাজ বা সংকোচ নাই । তেখেত সকলে অপেনলি এই বস্তুবিধ বাহিৰ কৰি পেলাই দিয়াত কৃপনালি নকৰে ।
☞ শেঙুনৰ বিভিন্ন স্তৰ সমূহ :-
আৰম্ভণিতে
এই পদাৰ্থবিধ সম্পূৰ্ণ জুলীয়া অৱস্থাত থাকে আৰু লাহে লাহে দিন বাগৰাৰ লগে লগে ই গোট মাৰিবলৈ আৰম্ভ কৰে । শেষ পৰ্যায়ত ই গৈ গোট মাৰি নাকৰ ভিতৰত লাগি ধৰে ।
তেতিয়া বহুতেই তাক আঙুলিৰ সহায়ত ওলিয়াই আনি সৰু সৰু বল বনাই থকা দেখা যায় । আন কিছুমানে আকৌ নাকৰ পৰা টানি আনি মুখত লৈ থু কৈ পেলাই দিয়ে । কিছুমানে গিলিও দিয়ে । গিলি দিয়াসকলৰ মতে এই পদাৰ্থবিধ নিমখীয়া
ঘন ঘনকৈ এই শেঙুন ওলাই থকা লৰা ছোৱালীক
শেঙুনকা উপাধি প্ৰদান কৰা দেখা যায় । সৰু লৰাবোৰে ইয়াক পুষ্টিকৰ খাদ্য হিচাবে লয় আৰু জিভাৰে ঢুকি পোৱালৈকে চেলেকি খোৱা দেখা যায় ।
☞চহৰ অঞ্চলতকৈ গাওঁ অঞ্চলৰ শিশুৱে ইয়াৰ আচল জুতি লবলৈ বেছি সুবিধা পায় । বহুতো লোকেল কুকুৰে মানুহে পেলাই দিয়া শেঙুন বৰ তৃপ্তিৰে চেলেকি খোৱা দেখিবলৈ পোৱা যায় ৷৷
             
@hahidotcom

Comments

Post a Comment

Popular Posts