ভবা কথা নহয় সিদ্ধি…

টকাবোৰ যদি গছত লগাহেতেন কি হ'লহেতেন বাৰু !!

মানুহে চাহপাতৰ বাগানৰ দৰে টকাৰ বাগান
লগালেহয়, মানুহৰ ঘৰৰ সন্মুখত ফুলৰ টাবৰ সলনি টকাৰ
টাব থলেহয়, তামোল গছত পানৰ লতাৰ সলনি টকাৰ
লতা লগালেহয়।
তেতিয়া বিভিন্ন মানুহৰ বার্তালাপবোৰ এনে ধৰণৰ
হ'লহয় -
১)
: অ' বোপাই কি কৰি আছ' এতিয়া?
: কি কৰিম আৰু খুৰা, ডিগ্রীটো কম্পলিট কৰিলো,
এতিয়া ঘৰৰ পিছফালে ২০ টকীয়া ২
বিঘাকে লগাইছো, চাকৰী-বাকৰী নাইয়ে।
২)
: অ' পাপা ১০০ টকা এটা দিয়াছোন, কলেজ যাওঁ...
: লাজ লগা নাই তোৰ হাঁ,
ৰাতিপুৱা সোনকালে উঠি ৫০০ টকীয়া বিঘাতে অলপ
পানী অলপ দিওঁ সেইটো হ'লে নাই, ৮
টা লৈকে শুবি ৰাতিপুৱা। অ' শুনিছানে ইয়াক ৫০
টকীয়া মাটিবিঘাৰ চাবিটো দি দিয়াছোন , দুখন
হে চিগিবি দেই...
৩)
(বিয়াৰ বাবে ছোৱালী চাব গৈ)
: ল'ৰায়ে কি কৰে?
: ল'ৰাৰ ১০ বিঘা ৫০০ টকীয়া বাগান, ৫ বিঘা ১০০০
টকীয়া বাগান আছে। খানদানী মানুহ যে সৰু-
সুৰা ৫০-১০০ টকীয়া বাগান খুলিব ই বেয়া পাই।
৪)
(বান্ধবী ঘৰলৈ আহি)
: বাহ তোমালোকৰ বাৰাণ্ডাত থৈছা ৫ টকীয়া ফুলৰ
টাব কেইটা ইমান ধুনীয়া লাগিছে, ক'ৰ
পৰা আনিছা বাৰু...
৫)
দাদা ১০০ টকীয়া বাগান এখন খুলিছো, বাগানত
মৰা ভাল সাৰ আছে যদি দিবাছোন ৫ কেজি...
৬)
: শুনিছানে অলপ শ্বপিং কৰিব যাওঁ টকা অলপ
দিয়াছোন...
: পিছফালে ৫০০ টকীয়া জোপাৰ পৰা ৫-৬ খন
চিগি লৈ যোৱা...
: ইউ আৰ চ' চুইট মাই হাচবেণ্ড...
: হুহ চ' চুইট... :-> তোমাৰ কাৰণেই চাকৰীৰ উপৰিও
টকাৰ খেতি কৰিব লগা হৈছে...!!

Comments

Popular Posts