অফিচৰ বচে চেক্রেটাৰি ৰুমীক মাতি ক'লে, ''ৰুমী, এসপ্তাহৰবাবে আমি দুয়ো চিংগাপুৰ যাম, যাবানে ? খুউব এনজয় কৰিম... ব'লা ।'' ৰুমীয়ে লগে লগেই তাইৰ হাজবেণ্ড প্ৰৱাললৈ ফ'ন কৰি ক'লে, ''প্ৰৱাল, মই এসপ্তাহৰ বাবে অফিচৰ কামত চিংগাপুৰলৈ যাব লাগিব, তুমি ভালকৈ থাকিবা ।'' প্ৰৱালে লগে লগেই তাৰ গার্লফ্রেণ্ড অনুলৈ ফ'ন কৰি কলে, ''মোৰ পত্নী এসপ্তাহৰ বাবে বাহিৰলৈ যাব, তুমি এসপ্তাহৰ বাবে মোৰ কাষলৈ গুচি আহা, খুউব এনজয় কৰিম... আহা ।'' অনুৱে লগে লগেই তাইৰ ছাত্ৰী প্ৰভাক মাতি ক'লে, ''মই এসপ্তাহৰ বাবে অলপ বিজি থাকিম, তোমাৰ এই সপ্তাহ ছুটি । তুমি ইনজয় কৰা।'' প্ৰভায়ে লগে লগেই তাইৰ দেউতাকলৈ ফ'ন কৰি ক'লে, ''দেউতা, কাইলৈৰ পৰা মোৰ প্রাইভেট ক্লাছ সাতদিনৰ বাবে বন্ধ... মই ঘৰত আহিম, তুমিও কাইলৈ ঘৰতে থাকিবা ! তোমাৰ লগত বহুত কথা আছে । আই ল'ভ ইউ পাপা ।'' জীয়েকৰ ফ'ন পাই দেউতাকে লগে লগেই অফিচৰ লেডি চেক্ৰেটাৰিজনীক মাতি ক'লে, ''ৰুমী, হঠাৎ মোৰ বেলেগ এটা কাম আহি গ'ল, চিংগাপুৰ যোৱা আৰু নহ'ব । আমাৰ জাৰ্নি কেনচেল ।'' ৰুমীয়ে লগে লগেই তাই হাজব্ৰেণ্ড প্ৰৱাললৈ ফ'ন কৰিলে, ''মই ক'লেও নাযাওঁ । চিংগাপুৰলৈ যোৱা কেনচেল হৈছে। তুমি আৰু অকলশলীয়া হৈ থাকিব নালাগে, মই আহি আছোঁ ।'' প্ৰৱালে লগে লগেই তাৰ গাৰ্লফ্ৰেণ্ড অনুলৈ ফ'ন কৰি ক'লে, ''এই শুনা শুনা, মোৰ পত্নী ক'লেও নাযায়, সেয়ে তুমি আহিব নালাগে ।'' প্ৰৱালৰ কথা শুনি অনুৱে তাইৰ ছাত্ৰী প্ৰভাক ফ'ন কৰি ক'লে, ''মোৰ যিটো কাম আছিল, সেইটো কাম অলপ পিছুৱাই দিছোঁ । তুমি পুৱা সোণকালে পঢ়িবলৈ আহি যাবা ।'' কথা শুনি প্ৰভায়ে তৎক্ষণাত দেউতাকলৈ ফ'ল কৰি ক'লে, ''দেউতা, মই কাইলৈ আহিব নোৱাৰিম, কাৰণ মোৰ প্রাইভেট মেডামে পুৱা সোণকালেই মোক আহিব কৈছে । সন্মুসত পৰীক্ষা আছে, বহুত পঢ়িবলৈ বাকী আছে । আই ল'ভ ইউ পাপা ।'' জীয়েকৰ কথা শুনি দেউতাকে লগে লগেই অফিচৰ লেডি চেক্ৰেটাৰি জনীক মাতি ক'লে, ''মোৰ যিটো কাম আছিল সেইটো তোমাৰ বাবেই কেনচেন কৰিছোঁ ! ব'লা, কাইলৈ আমি দুয়ো চিংগাপুৰ যাম, তুমি ৰেডী হৈ লোৱা, লেটচ এনজয় ।'' ৰুমীয়ে তাই হাচব্ৰেণ্ড প্ৰৱালক লগে লগেই ফ'ন কৰিলে, ''হেল্ল' ''মই কাইলৈ চিংগাপুৰ যাবই লাগিব....'' ........ প্ৰৱাল ......... অনু, .......... প্ৰভা .......... দেউতাক.......... ৰুমী ......... প্ৰৱাল ........... অনু ............ প্ৰভা .......... দেউতাক ........... আপোনালোকেই কওকচোন সিহঁতৰ বাৰু এনজয় কৰা হ'বগৈনে ?


Comments

Post a Comment

Popular Posts