ভবেন দা
By Goutam Gogoi
এবাৰ আমাৰ ভবেন দাৰ কাহিনী এটা কও........ ৰেলত
উঠি ঘৰলৈ যাৱ ওলাইছে লগত এজন পঞ্জাৱী বন্ধু....
ভবেন দাৰ গা অলপ বেয়া দুৰ্বল হৈ আছে, দুয়ো নিজৰ
সামগ্ৰী বোৰ উঠোৱাত লাগিল ভবেনদাই বেগ
এটা উঠাৱ পৰা নাই
তেতিয়া পঞ্জাৱীজনে ধৰি উঠাই দি কলে :
ৰটি খা ৰটি দেখা টাকত। বেচেৰা ভবেন দাই বৰ
লাজ পালে কি কৰা যায় কেনেকে তাক লাজ দিব
পাৰি তাকে ভাবি গৈ আছে । অলপ দূৰ যোৱাৰ পিছত
ভবেন দা উঠি গৈ ৰেলৰ চেইন দাল
টানিবলে চেষ্টা কৰিলে কিন্ত পৰা নাই
তাকে দেখি পঞ্জাৱীজনে কলে :
বলা থা না ৰটি খা অব দেখ ৰটি কা কামাল
বুলি কৈ চেইন দাল টানি দিলে ৰেল ৰৈ গল
ৰেলৱে পুলিচে বিনা কাৰনত চেইন
টনা বাবে পঞ্জাৱীজন ধৰিলে , তেতিয়া ভবেন দাই
পাঞ্জাৱীজনৰ ওচৰলৈ আহি কলে: ভাত খা ভাত .....
Comments
Post a Comment