শুভাৰম্ভ

শিক্ষক দিৱসৰ দিনা এজন শিক্ষকলৈ এটা ফ'নকল
আহিল.... হেল্ল চাৰ ,মোক আপুনি চিনি পাইছেনে...??
মই আপোনাৰ পুৰণি ছাত্ৰ চান্তা!!
শিক্ষক:-- অ অ মনত পৰিছে কিন্তু তুমি মোৰ নাম্বাৰ
ক'ত পালা ...??
চান্তা:-- চাৰ, আচলতে যাৰ পিয়াহ লাগে সি পানীৰ
কোৱাটো বিচাৰি লবৈ আৰু চাৰ ফ'ন নাম্বাৰ
বিচাৰি উলিওৱানো কি টান কাম!!
শিক্ষক:-- হয় বাৰু কিন্তু তুমি ফ'ন কৰাৰ কাৰণটো ..??
চান্তা:-- চাৰ, আপুনি যে আমাক শিকায়চিল
কোনো কাম আৰম্ভ কৰাৰ আগেয়ে শুভ উদঘাটন কৰিব
লাগে বুলি ,মই পাহৰা নাই সেয়েহে আপোনালৈ ফ'ন
কৰিছো ।
শিক্ষক:-- ভাল ছাত্ৰৰ ভাল চিন্তা ।
চান্তা:-- আৰু চাৰ আপুনিযে কৈছিল... শুভাৰম্ভ
আপোনাৰ হাতেৰে হব লাগিব বুলি.....
শিক্ষক :--সছাঁকৈ চান্তা ,আজি মই গৌৰৱ অনুভৱ
কৰিছো যে তুমি মোৰ ছাত্ৰ আছিলা । মই শুভাৰম্ভ
কৰিবলৈ কলৈ যাব লাগিব কোৱা চান্তা ..??
চান্তা:-- চাৰ, আপুনি আজি সন্ধ্যা 5 বজাত 5 লাখ
টকালৈ আপোনাৰ গাওঁৰ সীমাত
থকা পুৰণা মন্দিৰটোৰ পাচফালে আহিব । আপোনাৰ
একমাত্ৰ সন্তানটো মোৰ কব্জাত,
চাৰ জীৱিকাৰ কাৰণে অপহৰণৰ
কামটোকে বাচি লৈছো আৰু শুভ
উদঘাটনটো আপোনাৰ হাতেৰে হওঁক চাৰ ।

Comments

Popular Posts