চিগাৰেট যদি হ'ল হেঁতেন পুষ্টিকৰ খাদ্য....

চিগাৰেট যদি হ'ল হেঁতেন পুষ্টিকৰ
খাদ্য....
শিক্ষক- দিনটো আজেবাজে বস্তু খাই
থাকা, চিগাৰেট এটা খাব নোৱাৰা?
চিগাৰেটৰ সমান পুষ্টিকৰ খাদ্য কি আছে?
মাক - চিগাৰেট এটা হুপি ল চোন
বোপা, ডাক্তৰে সদায় কমেও এপেকেট
খাবলৈ দিছে। চিগাৰেট নাখাই
নাখাই কিমান ক্ষীণাই গৈছ!
বাপেক-
কি শুনিছো আজিকালি বোলে তই
চিগাৰেট খোৱা এৰি দিছ? গাখীৰৰ
নামত গোটেই পকেট মানি উৰুৱাব লৈছ?
মাক বাপেকৰ মনত ইমান কষ্ট দিব নাপায়
নহয়! এইবাৰৰ পৰা যদি চিগাৰেট নাখাৱ
ওলাই যাবি মোৰ ঘৰৰ পৰা!
ডাক্তৰ- smoking cigarette a day, keeps disease
away! সৰুতে পাঠ্যপুঁথিত পঢ়া নাছিলা?
দৈনিক ধূম্রপান কৰিলে দৈহিক
বৃদ্ধি নিশ্চিত হয়, হৃদৰোগৰ আশঙ্কা হ্রাস
পায়, কেঞ্চাৰ প্রতিৰোধ হয়, গাৰ ছাল
উজ্জ্বল হয়
গাৰ্লফ্রেণ্ড- তুমি বোলে চিগাৰেট
খাবলৈ এৰিলা??
তেনেহ'লে ময়ো তোমাক এৰিম!
চিগাৰেট নোখোৱা বেকৱাৰ্ড,
আউটডেটেড ল'ৰাৰ লগত থাকি মোৰ
লাইফটো বৰবাদ কৰিব নোৱাৰোঁ!

Comments

Popular Posts