ৰচনা

গৰু য়ে যদি মানুহৰ
বিষয়ে ৰচনা লিখে -
মানুহ দুই ঠেং থকা স্হলচৰ অদ্ভূত জন্তু
। কোনো ঘৰত , কোনো ৰাস্তাত আৰু
কোনো হাবিত থাকে । কিছুমানৰ
গাত ৰংচঙীয়া তৰপ (চোলা ) থাকে ।
কিছুমানৰ থাকিও নথকাৰ দৰে ।
লাওঁমূৰা মানুহও আছে । মানুহে পাত ,
ঘাঁহ -বন খায় । চাউল সিজাই খায় ।
গাখীৰো খায় , মাংস ও খায় ।
গাঁৱত বুঢ়া বোৰে আমাক এৰাল দিয়ে ।
ডেকা হঁতে টেপ বজাই শুই থাকে ।
গধুলি সময়ত সিহঁতে ৰাস্তাত ,দলঙত ,
দোকানৰ সন্মুখত
তামাছা কৰি থাকে । কিছুমান
মাজৰাতি হে ঘৰলৈ আহি মূৰ
জোকাৰে । ইহঁতক এৰাল দিব
পাৰিলে ভাল । মানুহে আমাক
শিলগুটিৰ জুটি লবলৈ শিকাই ।
মানুহৰ মাজটো খেদা খেদি ,
খুন্দিয়া -খুন্দি , চেলেকা -
চেলেকি আৰু ঘুৰি ফুৰা স্বভাৱ আছে ।
ইটোয়ে সিটোক গৰু - গাধ মাতি ভাল
পায় । আমাৰ আগঠেং দুখন মানুহৰ
দৰে হোৱা হলে আমিও মানুহক এৰাল
দিব পাৰিলোহেতেন ।
সৌৱা মানুহ আহিছে ।আৰু নকওঁ ।
হেম্বে হেম্বে .................।॥

Comments

Popular Posts