টেটুনৰ এস্কিডেন্ট

এবাৰ টেটোনে গাড়ীৰে এঠাইত গৈ আছিল ,হঠাত্ সন্মুখৰ পৰা আহি থকা এগৰাকী মহিলাৰ
গাড়ীয়ে টেটোনৰ গাড়ীত খুন্দা মাৰিলে ।কিন্তু এক্সিদেন্টৰ পিছতো দুয়োজন সুৰক্ষিত
ভাৱে বাচি গল । যেতিয়া দুয়ো গাড়ীৰ পৰা বাহিৰত ওলাল
তেতিয়া মহিলা গৰাকীয়ে প্ৰথমে নিজৰ গাড়ীখন ভালকৈ চালে ,গাড়ীখনৰ অৱস্থাই নাই
বেয়াকৈ ক্ষতিগ্ৰস্থ হৈছে ,তাৰ পিছত মহিলা গৰাকী টেটোনৰ ওচৰত গল, টেটোনেও নিজৰ
গাড়ীখন চাই আছিল ।
তেতিয়া মহিলা গৰাকীয়ে টেটোনক কলে, "
চাওক ,আমি কি লাকি ,গাড়ী একেবাৰে গুৰাহৈ গৈছে কিন্তু আমাৰ দুয়োৰে একোৱেই নহল
। এই সকলোবোৰ ভগৱানৰ ইচ্ছাত হৈছে যাতে আমি দুয়ো লগ হব পাৰো । মই
ভাবিছো আমি দুয়ো বন্ধুত্ব কৰা উচিত ।"
টেটোনে ভাবিলে ইমান লোকচান হোৱাৰ পিছতো খং কৰাৰ সলনি বন্ধুত্বৰ প্ৰস্তাৱ
দিছে যেতিয়া বন্ধুত্ব কৰাই ভাল হব , আৰু কলে " আপুনি ঠিকেই কৈছে এইবোৰ
সকলো ভগৱানৰ ইচ্ছাতেই হৈছে ।"
তেতিয়া মহিলা গৰাকীয়ে কলে , "আৰু এটা চমাত্কাৰ চাওক যে গোটে গাড়ীখন
ভাঙি গৈছে কিন্তু মদৰ বটলটো একোৱেই হোৱা নাই ।"
টেটোনে কলে, "সচাই এইটো এটা আচৰিত কথা ।"
মহিলা গৰাকীয়ে মদৰ বটলটো খুলিলে আৰু কলে, "আজি আমাৰ জীৱন ৰক্ষা পৰিল , আমাৰ
বন্ধুত্ব হল গতিকে আহক না অলপ এনজয় কৰো।"
মহিলা গৰাকীয়ে বটলটো টেটোক দিলে । টেটোনেও বটলটো ললে আৰু মুখত লগালে আৰু
আধা খাই মহিলা গৰাকীৰ ফালে আগবঢ়াই কলে , "আপুনিও খাই লওক ।"
মহিলা গঢ়াকীয়ে বটলৰ ধাকন বন্ধ কৰি দিলে আৰু অন্যফালে চাই থাকিল ।
টেটোনে সুধিলে, "কি হল আপুনি মদ নাখাই নেকি ?"
মহিলা গৰাকীয়ে নম্ৰতাৰে কলে, "নহয় ...মই ভাবিছো এতিয়া পুলিচৰ
বাবে অপেক্ষা কৰা দৰকাৰ ,যাক কম এজন মদাহীয়ে মোৰ গাড়ীখন এক্সিদেন্ট কৰিলে ।"
মহিলা ৰক টেটোন স্বক ।।

Comments

Popular Posts