ভূত
ভূত বুলিলেই গাটো জিকাৰ খাই উঠে ৷ কেতিয়াবা লগ
পাবলৈয়ো মন যায় ৷ হঠাৎ কালি ৰাতি ভাগ্য উদয় হ'ল
৷ ৰাতি ঠিক বাৰমান বাজি গৈছে,,লগৰ এটা আৰু মই
আড্ডা মাৰি ঘৰলৈ আহি আছো ৷
তেনেতে দেখিলো পথাৰৰ মাজত বগা পোচাক
পিন্ধা কোনোবা এটা থিয় দি আছে ৷ ইমান
ৰাতি পথাৰৰ মাজত দ'তেই হ'ব, দুয়োটাই
কথা পাতিলো ৷ আজি ভূতক এসেকা দিওঁ ৷ কোনোবাই
পথাৰত জেওৰা দিবলৈ বাঁহ ফালি ৰাখিছিল,,দুয়োট
াই দুডাল তুলি ল'লো ৷ মৰণত শৰন দি ভূতক এসেকা দিওঁ
বুলি আগবাঢ়ি গ'লো আৰু যিমান
পাৰোঁ পূৰ্ণহতীয়া কোব সোধালো,ভূতে চিঞঁৰিবলৈও
সময় নাপালে,ঠাইতে ঢলি পৰিল ৷ ভূতক
ধৰাশায়ী কৰিলো যদিও ভূতৰ ওপৰত থকা ভয়
হ'লে কমা নাই,কিজানি তাৰ লগৰ ভূতবোৰ আহি যায়
৷ ততাতৈয়াকৈ দুয়োটা দৌৰি ঘৰ পালোহি ৷ ভাত
নাখালো,,পানী এগিলাচ খাই শুই পৰিলো(ভয়
খালে ভাত খাব নালাগে বুলি কয়) ৷
চিলমিলকৈ টোপনি ধৰিছিলহে,,তেনেতে কোনোবাই
কন্দা শুনিলো আৰু বহুতো চিঞঁৰ বাখৰ,,কাণ থিয়
কৰি শুনিলো পথাৰৰ ফালৰ পৰা আহিছে কান্দোনৰ
শব্দ ৷ মনতে ভাবিলো-মোৰ খেলা খতম,,গোটেই
ভূতবোৰ আহি এতিয়া দুয়োটাকে সুখেৰে থাকিব
নিদিয়ে ৷ একেজাপে উঠি মাৰ বিছনাত
উঠিলোগৈ,,ভয় লাগিলে মাৰ লগত শুলেহে সাহস
বাঢ়ে ৷ মায়ে কি হ'ল সুধিলে যদিও একো নাই
বুলি ক'লো ৷ তেনেতে কোনোবাই আগফালে দেউতাৰ
নাম ধৰি মতা শুনিলো,,বুকুখন
ধপধপাবলৈ ধৰিলে মনতে ভাবিলো ভূতে আমাক
বিছাৰি ঘৰ পালেহি,ভগৱানক চিন্তা কৰিলো-"প্ৰভু
বচাবা আৰু,,"৷ দেউতা টোপনিত লালকাল,মই
সাৰে আছো যদিও মাত দিয়া নাই ৷ আকৌ এবাৰ
মাতিলে দেউতাক, মই অপেক্ষা কৰি আছো তিনিবাৰ
মতালৈ ৷ তেনেতে আকৌ মাতিলে খুড়া বুলি ৷ মই
নিশ্চিত হ'লো, ভূত নহয় মানুহেই
মাতিছে,ভূতে তিনিবাৰ নামাতে ৷ উঠি গৈ দুৱাৰখন
খুলি দেখিলো ওচৰৰ বৰদেউতা এজনৰ
ল'ৰাটোৱে মাতি আছে,মই বোলো কি হ'ল ইমান
ৰাতি? সি ক'লে-আমাৰ বুঢ়াতোৰ মাছৰ খক
লাগিছিল,,ৰাতি এপৰত
চেপা পাতিবলৈ গৈছিল,,পিছে ভূতে পালে,,অচেতন
হৈ পথাৰতে পৰি আছে ৷ বহুত
দেৰি ঘৰলৈ নহা দেখি আমি বিছাৰি গৈহে দেখিলো,নহ'লে আজি গ'লেই
হেতেন ৷ মই একো নকলো মাত্ৰ মনতে ভাবিলো ভূত
আমি নে বৰদেউতা???
Comments
Post a Comment