কেইটামান ৰূঢ় বাস্তৱ ঘটনা

স্কুটাৰ বা বাইকখন ভাল কৰাৰ পিছত হাতত যেতিয়া ম'বিল লাগি থাকে তেতিয়াই
আপোনাৰ নাকটো খজুৱাব।
ধৰক আপুনি টিকটৰ বাবে শাৰী পাতি আছে। কাষৰ শাৰীটোত মানুহ কম
দেখি সেইটো শাৰীত যদি থিয় হয় দেখিব আগৰ শাৰীটোৱেই খৰকৈ গৈ আছে।
টেলিফোনত ভুল নাম্বাৰ ডায়েল কৰিলে নাম্বাৰটো কেতিয়াও বিজি নাথাকে।
যেতিয়াই কাৰোবাক দেখুৱাব বিচাৰে যে বস্তুটো ভালদৰে কাম কৰা নাই তেতিয়া ই
ঠিকেই কাম কৰিব।
কাৰোবাক লৈ ফুৰিবলৈ যোৱাৰ সময়ত কোনোবাই
নেদেখাটো যদি বিচাৰে তেতিয়া চিনাকি কোনোবা ওলাবই ওলাব।
বাটত পোষ্টবক্স দেখিলে আপোনাৰ মনত পৰিব- ইচ ৰাম, চিঠিখন আজিও অনা নহ'ল!
ক'ৰবাত যাবলৈ বাছত উঠাৰ পিছতেই আপোনাৰ মনলৈ আহিব- পানীৰ মটৰটো অফ কৰা হ'ল
নে নাই বা!
বহুপৰলৈ নন্ ষ্টপ পঢ়াশুনা কৰাৰ পিছত এক চেকেণ্ডৰ বাবে ম'বাইলটো হাতত লোৱাৰ
লগে লগেই দেউতা সোমাই আহিব- 'পঢ়াৰ সময়ত খালি ম'বাইল!'
বছক যদি বাইকৰ টায়াৰ পাংচাৰ হোৱা বাবে পলম হোৱা বুলি কয়
তেনেহ'লে পিছদিনা সচাঁকৈয়ে টায়াৰ পাংচাৰ হ'ব!
ৰাতি পথৰ দাতিঁত যেতিয়া সৰুপানী চুবলৈ যায় তেতিয়াই তীব্র হেডলাইট জ্বলাই
গাড়ী এখন মাটি ফুটি হ'লেও ওলাব (পৃথিৱীৰ প্রতিজন পুৰুষৰ এই অভিজ্ঞতা আছে)
ফেচবুকত যেতিয়া কোনো ছোৱালীৰ লগত chatting জমি উঠে তেতিয়াই
মানুহজনী আহি ওলাব !!
উঠি যোৱাৰ এলাহত মুখত চোবাই ধকা বগৰী গুটিটো খিৰিকিৰে দলিয়াই দিলে ৰডত
লাগি উভতি আহিব, কিন্তু মূল্যবান কিবা দলিয়াই দিলে পাৰহৈ ক'ৰবাত পৰিবগৈ ।
অলাগতিয়াল,আবৰ্জনা বুলি পেলাই দিয়া বস্তু এটা পিছত লাগতিয়াল হৈ পৰে। এনে সময়ত
ভাব হয়, ছে বস্তুটো মই কিয় পেলাই দিলো ।
বেকাৰ থকা সময়ত প্ৰেয়সীয়ে ফোন নকৰে । কিন্তু যেতিয়াই কিবা এটা important কাম
কৰিবলৈ লব, তেতিয়া মোবাইলটো ধাৰাসাৰ বাজি থাকিব ।
মানুহজনক যেতিয়া দৰকাৰ নাথাকে বাটে-ঘাটে তেওঁক লগ পায় থাকিব । কিন্তু
যেতিয়া তেওঁৰ প্ৰয়োজন হব দিনটোত ২৫ বাৰ তেওঁৰ ঘৰলৈ গৈ বাটৰ দুৱৰি মাৰি দিলেও
তেওঁক লগ নাপায় ।

Comments

Popular Posts