By Uddipta Talukdar খুব ক্ষীণ ল’ৰা


এটা খুব ক্ষীণ ল’ৰা ডাক্তৰৰ ওচৰলৈ গ’ল ।
ডাক্তৰে সুধিলে,
“কি বেমাৰ হৈছে..? ”
ল’ৰাটোৱে ডাক্তৰক ক’লে যে তাৰ ভৰিত
বেমাৰ... ।
ডাক্তৰে তেতিয়া তাক
ভৰি কেইটা দেখুৱাবলৈ ক’লে...
সি ক’লে,
“নেদেখুৱাও চাৰ..!
আপুনি হাঁহিব...!”
ডাক্তৰে তাৰ কথাত কিছু আচৰিত হ’ল যদিও
ক’লে,
“মই নাহাঁহো..! যদি হাঁহো, তোমাৰ
আধা ফিজ্ দিব নালাগে । ”
ডাক্তৰৰ
কথামতে ল’ৰাটোৱে পেণ্টটো ডাঙি তাৰ
ভৰিকেইটা দেখুৱালে ।
আৰু
হে হৰি..! ডাক্তৰ নালাগে, আনেও
নহঁহাকৈ থাকিব নোৱাৰে... ভৰি মানে, দুডাল
হকি স্টিক্..!
হাঁহি বন্ধ কৰি ডাক্তৰে ক’লে,
“তোমাৰ আধা ফিজ দিব নালাগে.. । এইবাৰ
বেমাৰটো কোৱা...! ”
:বেমাৰৰ কথা ক’লে আপুনি আকৌ হাঁহিব...!,
ল’ৰাটোৱে উত্তৰ দিলে ।
এইবাৰ ডাক্তৰ অতিস্থ হ’ল ।
খঙেৰে ক’লে যে তেঁও বেমাৰৰ কথাত নাহাঁহে ।
কেনেবাকৈ হাঁহিলে এটকাও ফিজ দিব নালাগে ।
আৰু...
ল’ৰাটোৱে সেমেনা -সেমেনি কৰি যি ক’লে,
সেয়া শুনি ডাক্তৰ বেহুচ্...!
সি ক’লে,
“চাৰ.. মানে... মোৰ এই
ভৰিকেইটা কালিৰে পৰা ফুলি আছে....!!!

Comments

Popular Posts