Post By Rupalee Bharali Boruah
এজনী সুন্দৰী যুৱতী ধুনীয়া আৰু মাৰ্জিত সাজপাৰ
পৰিধান কৰি বহুত দেৰিৰ
পৰা পাতলীয়া কৈ কিবাকিবি আহাৰ খাই ৰেষ্টুৰেণ্ট
এখনত বহি আছিল........
তাইৰ মনটো বৰ উচ পিচ কৰি আছিল....... অৱশেষত তাই
ৰ'ব নোৱাৰি ৱেটাৰ জনক ইংগিত দি মাতিলে......
ৱেটাৰ: কওক মেডাম কি ধৰণে আপোনাক সহায় কৰিব
পাৰো...???
যুৱতী: সেই যে চুকৰ টেবুলত নীলা টি-চাৰ্ট
পিন্ধি মোবাইল টিপি আছে সেই লৰাজনক
চিনি পোৱা নেকি...???
ৱেটাৰ: হয় মেডাম চিনি পাওঁ! তেওঁৰ নাম অবিনাশ
চৌধুৰী আৰু আমাৰ মালিকৰ ভায়েকৰ ভাল বন্ধু......!!!
কিন্তু তেওঁৰ বিষয়ে কিয় সুধিলে মেডাম...???
যুৱতী: এহ নকবা আৰু.... তেওঁ মোক
যোৱা এঘণ্টা ধৰি অশান্তি কৰি আছে... আৰু
সেইয়া মোৰ সহ্য হোৱা নাই...!!!
ৱেটাৰ: কত তেওঁ নো আপোনাক
অশান্তি কৰিলে মেডাম..... তেওঁচোন আপোনাৰ
ফালে এবাৰো চোৱা নাই...!!
যুৱতী: তাকেইটো তুমি এইবোৰ একো নুবুজিবা....
চাল্লা ইমান অহংকাৰী নে.... এক ঘণ্টাৰ পৰা ইয়াত
অকলশৰে বহি আছো বপুৰাৰ কেৰেপেই নাই.....
নিজকে কি বুজাব খুজিছে সি..... বৰ একেবাৰে ভদ্ৰ
হৈ দেখুৱাবলৈ আহিছে, এবাৰটো মোৰ
ফালে কেৰাহিকৈ চাব পাৰে না...!!!
আৰু তুমি ইয়াত ঠৰঙা মাৰি কি শুনি আছা.....
যোৱা বিল আনা.....!!!!
Comments
Post a Comment