ম'বাইল ইতিবৃত্ত

আজিকালি আমাৰ চকু বন্ধ কৰিলে টোপনি নাহে…
Net বন্ধ কৰিলেহে আহে!!
ভোকাতুৰক ভাত আৰু android ফোন থকাজনক charger
দিয়া অতি পূণ্যৰ কাম..
আগতে মানুহে বেটাৰ কাৰণে ব্যাকুল হৈছিল...
আৰু আজিকালি ডাটাৰ কাৰণে!
সকলোতকৈ উদ্বেগজনক কথা-
মোবাইল বেয়া হ'লে ল'ৰা-ছোৱালীক দোষ
দিয়ে আৰু ল'ৰা-ছোৱালী বেয়া হ'লে মোবাইলৰ
দোষ!!
এনেকুৱা দিন আছিল আমি সৰুতে মা'ৰ চৰণ চুই
ক'ৰবালৈ ওলাইছিলোঁ আৰু এতিয়া মোবাইলৰ
বেটেৰী ফুল কৰি ওলাওঁ……
It is Awesome
ৰাতি যদিহে কেনেবাকৈ কথা পাতি থাকোঁতে ফোনৰ
বেলেঞ্চ শেষ হয় আমিবোৰ ইমানেই পাগল হৈ যাওঁ
যেন কথা পাতি থকাজন ৰাতিপুৱালৈ জীয়াই
নাথাকিবই!
ফোনৰ বেটেৰী যেতিয়া 1-2% হৈ যায়
তেতিয়া আমি চাৰ্জাৰৰ দিশে এনেকৈ ল'ৰ দিওঁ যেন
মোবাইলটো যেন মৰিহে যাব। মনতে কৈ যাওঁ-
মোবাইল তোৰ একো নহয়। বন্ধ হৈ নাযাবি, মই কাষত
আছোঁ নহয়!!
কোনো কোনোৱে আক' এনেকুৱা পেটাৰ্ণ ল'ক লগাই
যেন আই এছ আইৰ সকলো গুপ্ত ফাইল তেওঁৰ
মোবাইলতহে লুকুৱাই ৰাখিছে!
লক্ষ্য কৰিছেনে?
দুজনে কথা পাতি থাকোঁতে যদিহে এজনে মোবাইলটো পকেটৰ
পৰা উলিয়াই ল'ক খুলি আক' সুমুৱাই থয়!
কিনো কৰে তেনেকৈ? দৰাচলতে একো নকৰে, বুজাব
বিচাৰে যে তেওঁ তাৰ পৰা পলাব বিচাৰিছে!
ভুলতে যদিহে মোবাইলটো ক'ৰবাত পাহৰি যাওঁ
আমি ইমানেই চিন্তিত হৈ পৰোঁ যেন নিজৰ
আজলী গাৰ্লফ্ৰেণ্ডজনীকহে অমৰীশ পুৰীৰ ওচৰত
এৰি আহিলোঁ!!
ভয়াতুৰ সেইসকল- যিসকল online কেতিয়াও নাহে...
আৰে! কলিজা লাগে সময় বৰবাদ কৰিবলৈও..!!
শেষত, মোবাইল কোম্পানীবোৰলৈ এটাই
অনুৰোধ- দিনে প্ৰতিদিনে মোবাইলবোৰৰ আকাৰ
ডাঙৰ কৰি নিছে ঠিক! মোবাইলটোৰ পিছফালে অলপ
জেগাও যাতে বনাই দিয়ে। অন্ততঃ এসাঁজ ভাত
থোৱাৰ জোখেৰে!!

Comments