'উৰুকাৰ লিমাৰিক'

▼▼
(১)
পুৱাতে আনিব গ'লোঁ চিতল
দাম শুনি খাই গ'লোঁ পিছল
ৰৌ, বৰালিত দিলোঁ চকু
দামেই ক,,ক,,কপালে বুকু
অহা বছৰ লগত নিম পিষ্টল ৷৷
(২)
ছাগলী মাংসৰ দৰালোঁ দাম
"বাপ্পাঐ... আমি কেনকে খাম!"
লকেল মূর্গী পাবলৈ নাই
ব্রইলাৰ দেখিলেই আমুৱাই
অহা বছৰ ল'ম, ৰাম নাম ৷৷
(৩)
উৰুকাৰ বজাৰৰ কি কৰোঁ চিন
কিবা কিনিবলৈ ল'ব লাগিব ঋণ
জেপত নাই ফুটা কড়ি
কিদৰে পাতোঁ বাৰু ভোগালী
ঘৰলৈ কিনিলো এক পোৱা চয়াবিন ৷৷৷৷

Comments

Popular Posts