লিমাৰিক ২


অ' চিৰা অ' পিঠা
ক'লৈ গ'লা তুমি?
পলিথিনত সোমাই সোমাই
টাউন পালোহি আমি।

অ' টাউন অ' টাউন
ইহঁতক ৰাখিছ কিয়?
গাঁৱত যে ঢেঁকী নাই
মইনো নাৰাখিম কিয়?

অ' ঢেঁকী অ' ঢেঁকী
গাঁৱত নাথাক কিয়?
আইতাজনী যে মৰি থাকিল
মইনো থাকিম কিয়?

আগৰ দিনৰ বুঢ়ী
দিনে-ৰাতিয়ে ঢেঁকী,
আজিকালিৰ বোৱাৰীহঁতে
কঁকাল থাকে সেকি ৷৷

Comments

Popular Posts