মাঘ বিহু উপলক্ষে কেইটামান পৰামৰ্শ


১/ পিঠা বনাব নজনা বোৱাৰী সকলে আজিই
মনে মনে বজাৰৰ পৰা পিঠা-লাৰু
কিনি আনি আলমাৰিত লুকুৱাই থওঁক; বিহুৰ
দিনা ঘৰৰ মানুহক
খাবলৈ দি নিজে বনোৱা পিঠা-লাৰু
বুলি কৈ সুনাম বুটলিব পাৰিব!!!
.
২/ উৰুকাৰ ৰাতি মদ নাখাব। খালেও ৰাম,
হুইস্কী, ভদকা, বিয়েৰ, ৱাইন, চেম্পেইন,
লাওপানী, ফটিকা, চুলাই, জোঙাৰ
বাহিৰে বেলেগ নাখাব।
.
৩/ উৰুকাৰ দিনা মদ নিকিনিব।
পাৰিলে আজিয়েই কিনি থব, কব
নোৱাৰি চৰকাৰে কেতিয়া ড্ৰাই
ডে দি দিয়ে!
.
৪/ উৰুকাৰ বজাৰ কৰিম বুলি যাওঁতে ঘৈণীক
সুধি নাযাব। নহলে যিখন লিস্ট দিব,
আপুনি ট্ৰাক ভাড়া কৰিহে বজাৰ
কৰি আনিব লগা হব।
.
৫/ ব্ৰইলাৰ
মুৰ্গি কিনি অনাতকৈ পাৰিলে আজিয়েই
ওচৰৰে কাৰোবাৰ ঘৰৰ লোকেল
মুৰ্গি এটা আনি লুকাই থৈ দিয়ক।
.
৬/ ঘৈণীয়ে বনোৱা পিঠাখন যদি পিঠাৰ
আকৃতি লোৱা নাই, একো প্ৰতিবাদ
নকৰাকৈ কিবাকে পানী এগিলাচেৰে গিলি থৈ দিয়ক;
নহলে আপুনিও পিঠা বনি যাব পাৰে!!
.
৭/ উৰুকাৰ ৰাতি লোকৰ কবি, বেঙেনা,
বিলাহী,
জেওৰা আদি আনিবলৈ যাওতে মোবাইল
চাইলেন্ট কৰি থব।
.
৮/ লোকৰ কবি, বেঙেনা, বিলাহী,
জেওৰা আদি আনোতে টৰ্চ এটা লৈ যাব
নহলে ৰাতিপুৱা হে গ'ম পাব যে নিচাত
আপুনি নিজৰেই বাৰি-ঘৰ তহিলং কৰিলে!
.
৯/ মেজি জ্বলি থকাৰ সময়ত ঘৈণীক আগত
ৰাখিব, কিবাকে মেজি ভাঙি পৰিলেও
এটলিস্ট আপুনি বাচি যাব।
.
১০/ ঘৈণীয়ে বনোৱা পিঠা বোৰ যদি নৰ-
মনিচে খালে বিপদ হব পাৰে বুলি ভাবে,
মেজিৰ জুইতে ঢালি দিব, ঘৈণীক কলেই হ'ল
যে মেজিৰ জুইত পিঠা ঢালি দিয়া অসমৰ
পৰম্পৰা!
.
১১/ ঘৈণীয়ে আপোনালৈ বনোৱা পিঠা-
লাড়ু আদি আপুনি খোৱাৰ আগতে ঘৈণীক
খুৱাই দিব। ঘৈণীয়ে আপোনাক মৰমীয়াল
বুলি ভাবিব আৰু আপুনিও নিশ্চিত হব পাৰিব
যে পিঠা-লাড়ুত বিহ নাই!!!
.
১২/ শেষত; কিছুমান লাড়ু খুব টান হয়,
কামুৰি ভাঙিব নোৱাৰি। তেনেবোৰ লাড়ু
টেমা এটাত ভৰাই থৈ দিয়ক। পাছত
কেতিয়াবা ঘৈণীৰ লগত
কাজিয়া লাগিলে ইজনে সিজনৰ
গা লে দলিয়াব পাৰিব।

Comments

Popular Posts