তিনি মিস্ত্রী

এইবাৰ আকৌ তিনিজন মিস্ত্রী লগ হল -
জাপানী মিস্ত্রী -জানাই আমাৰ তাত
কিমান ভূমিকম্প ,তথাপি আমি ইমান ওখ
বিল্ডিং সাজু যে থিয়
হৈ চালে আগতো নেদেখিয়েই ,
মাটিত শুই
চালেহে যেনেতেনে দেখি |
আমেৰিকাৰ মিস্ত্রী -ও ,
সেইতোনো কি ওখ? আমি আকৌ ইমান
ওখ বিল্ডিং সাজু
যে যেনেকৈয়ে নোচোৱা খালী
চকুৰে আগতো নেদেখিয়েই ,
টেলিস্কোপেৰে চালেহে দেখি |
ভাৰতীয় মিস্ত্রী -আমাৰ তাততো ইমান
ওখ বিল্ডিং নাই, অৱশ্যে এবাৰ
এটা বিল্ডিং সজা মোৰ মনত আছে |
এদিন একেবাৰে ওপৰ মহলাত কাম
কৰি আছিলো , ছুটী হবৰ
সময়তে পত্নিয়ে ফোন
কৰিলে -"লৰাটোৰ
গা বেয়া সোনকালে আহা |" ,
লৰালৰিকৈ সৰন্জামবোৰ
সামৰে৷তে হাতুৰিটো পিছলী পৰি গল |
ভাবিলো এতিয়া নিবিচাৰে৷ দেৰি হব
| ঘৰলৈ আহি লৰাটোক দক্তৰৰ ওচৰত
নিলো | সি গা ভাল পালে |
পাচদিনা কামত লাগিবলৈ গৈ লিফটত
উঠিবলৈ লওতেই
ওচৰতে ধপকৈ কিবা এটা পৰিলেহি |
ভালকৈ চাই দেখো ,ওৱা, মোৰ
হাতুৰিটো দেখোন ! আগদিনাই
পিছলী পৰিছিল |
পাচদিনাহে মাটি পাইছেগৈ !!!!!!!

Comments

Popular Posts