বিয়াৰ পাছত

বিয়াৰ পাছত গিৰিয়েক ঘৈণীয়েক
কেনেদৰে সলনি হৈ যায়...
.
বিয়াৰ পাছত ঘৈণীয়েকবোৰ কেনেকৈ সলনি হয়-
------------------------------------------------
বিয়াৰ প্ৰথম বছৰ: হেৰি, শুনিছা নে? ভাত খাই
লোৱা। ৰাতিপুৱা চাহৰ
বাহিৰে তুমি এতিয়ালৈ একো খোৱা নাই।
.
বিয়াৰ দ্বিতীয় বছৰ: হেৰি, ভাত হ'ল। বাঢ়োনে?..
.
বিয়াৰ তৃতীয় বছৰ: ভাত বনালো, এতিয়া চিৰিয়েল খন
চাওঁ; যেতিয়া খাবৰ হয় কৈ দিবা।..
.
বিয়াৰ চতুৰ্থ বছৰ: ভাত বনাই থৈছো। মই
বজাৰলে যাওঁ। নিজে ভাত বাঢ়ি খাই লবা।
.
বিয়াৰ পঞ্চম বছৰ: মোৰ গাটো ভাল লগা নাই। হয়
নিজেই ভাত বনোৱা নহলে ৰেস্টুৰেন্টৰ
পৰা লৈ আনা। ..
.
বিয়াৰ ষষ্ঠ বছৰ: কেবল খাওঁ খাওঁ কৰি থাকা..
ৰাতিপুৱাই দেখোন ৰঙা চাহ বিস্কুট খাইছিলা!!
বিয়াৰ পাছত গিৰিয়েকবোৰ কেনেকৈ সলনি হয়-
-------------------------------------------------
বিয়াৰ প্ৰথম বছৰ: জান, সাবধানে খোজ কাঢ়িবা,
সিফালে গাঁত আছে।
.
বিয়াৰ দ্বিতীয় বছৰ: আৰে... চাই-চিটি খোজ
কাঢ়িবা, সিফালে গাঁত আছে।
.
বিয়াৰ তৃতীয় বছৰ: দেখা নোপোৱা নেকি;
সিফালে যে গাঁত আছে?
.
বিয়াৰ চতুৰ্থ বছৰ: অন্ধ নেকি হে তুমি;
সিফালে যে গাঁত আছে দেখা নাই??
.
বিয়াৰ পঞ্চম বছৰ: ঐ অন্ধ, সিফালেদি খোজ
কাঢ়িলে গাঁতত পৰি মৰিবা!
.
বিয়াৰ ষষ্ঠ বছৰ: আৰে ইফালে ক'ত মৰিব গৈছ?
গাঁতটো সিফালেহে আছে!!!

Comments

Popular Posts