বেবেৰিবাং


১) খগেন :- আচ্ছা নগেন ,বিয়াৰ দিনা দৰাজনে বিয়াৰ
নিমন্ত্ৰণীয় অতিথি সকলক হাঁহি হাঁহি পাণ - তামোল ,তাৰ
পিছত ভোজ মেল আৰু তাৰ পিছত আকৌ পাণ তামোল
দিহে বিদায় দিয়ে ,ইয়াৰ কাৰণ কি বাউ ?
নগেন :- কাৰণ বিয়াৰ পিছততো লাহে লাহে দৰা জনৰ মুখৰ
পৰা হাঁহি নোহোৱাই হ'ব ,সেই গতিকে শেষ বাৰৰ
বাবে ৰাইজক মাতি প্ৰাণ ভৰি হাঁহি লয় আউ ।
খগেন :- কি ¿¿

২) খগেন :- তই কথা এটা মন কৰিছনে বাউ ?
নগেন :- কিনো ?
খগেন :- ডাবাঙত ছলমানে সোণাক্ষীৰ
চকুকেইটা দেখি গাইছিল -- "তেৰে মস্ত মস্ত দৌ নেন" ,কিন্তু
ডাবাংগ ২ ত সিহঁতৰ বিয়াৰ পিছত কিয় এনেদৰে গালে বাউ ---
"দগাবাজ ৰে ,হায়ে তৰে নেইনা বড়ে দগাবাজ ৰে "
নগেন :- একদম চিধা কথা । ইয়াৰ দ্বাৰা ইয়াকেই বুজা যায়
যে বিয়াৰ আগত ভাল ভাল গুণী জ্ঞানী মানুহৰো চকু মোদ খায়
থাকে কিন্তু বিয়াৰ পিছত এবছৰতেই চকুৰ লগতে মুখো মেল খাই
যায় ।

৩) খগেন :- বাৰু নগেন ,এজনী প্ৰেমিকাক বিয়া পতাৰ পিছত
তাইৰ কেনে ধৰণৰ পৰিবৰ্তন হয় বাউ?
নগেন :- একদম সহজ পৰিবৰ্তন ।বিয়াৰ আগত এটি মিঠা সপোন
হৈ ৰাতি শুই থাকোতে ল'ৰাজনক বিচনাত আমনি কৰে আৰু
বিয়াৰ পিছত টোপনি ভঙা এৰ্লাম হিচাপে গোটেই
জীৱনটো কামোৰ দি থাকে ।

Comments

Popular Posts