ফেচবুক আশীৰ্বাদ

ভাল বোলে কুশল কৰক, কৈল্যান কৰক নেট স্পীড ডাবল কৰি , ব্লক দেৱতা, টেগ দেৱতা, হেক দেৱতাৰ পৰা ৰক্ষা কৰি আগলৈকে এইদৰে একো একোটা অৱান্তৰ পোষ্ট দি, লাইক, কমেন্ট গোটাবলৈ তেজ বল শক্তি দি গোবিন্দে নিৰ্বিঘ্নে কৃপা কৰিব লাগে ৷ আৰু ভাল বোলে লিখিব লাগিছিল নিজে চিন্তা কৰি কিন্তু আনিলে লোকৰ টাইমলাইনৰ পৰা চোৰ কৰি, ইয়াতো যদি পোষ্ট কৰোঁতাৰ কোনোবা খিনিত দোষাদোষ আছে ,সৰ্বদোষ মাৰ্জনা কৰি ফেচবুকীৰ প্ৰফাইল পিকচাৰত হাজাৰ হাজাৰ লাইক আহক, ভাল ভাল কমেন্ট পাওক লগতে বন্ধুবৰ্গই যেন মিনিটে মিনিটে ফেচবুকীৰ প্ৰফাইলত জেঠী, মকৰা, পইতাচোৰাৰ ফটোৰে টেগ কৰি শান্তি নোহোৱা কৰি, এণ্ড্ৰ'য়ড মোবাইলৰ বেটাৰীৰ দিনে ৰাতিয়ে ফুল চাৰ্জ থাকক এইহে প্ৰাৰ্থনা ৷

আৰু ভাল বোলে ফেচবুকীয়ে এটা ৰিপ'ৰ্ট মাৰি সুধিছে যে প্ৰিঞ্চেচ, এঞ্জেল সকলে লগে লগে মেছজৰ ৰিপ্লাই দিয়ক, বিছাৰিলেই মোবাইল নম্বৰ দিয়ক, ফেক আই ডিৰ পাল্লাত নপৰক, নেটকাৰ্ডৰ দাম কমক, লগতে বিয়া পতাসকলে ঘৈনীয়ে গম নোপোৱাকৈ যেন ফেবু চেনী খাব পাৰে এইহে প্ৰাৰ্থনা, লগতে বছৰটোলৈ যেন ফেচবুকীক গ্ৰুপ দেৱতাই জধে মধে গ্ৰুপ এগালত নাম ভৰ্ত্তি কৰি নৰক যন্ত্ৰণা নোপোৱাই ইয়াকে কামনা কৰি ফেকবুক দেৱতা নিজগুণে প্ৰসন্ন হৈ ফেচবুকীক নিৰাপদে ৰক্ষা কৰি কৃপা কৰিব লাগে ৷ কৃষ্ণ কৃষ্ণ অউউ,,,,হৰি, অউউ,,,,,ৰাম ৷

Comments

Popular Posts