আধুনিকতাৰ লিমাৰিক

মোৰ কাণত নাই এপাটো ফুলি,
মুখত নাই fashionable দাড়ি,
মুৰত নাই আধুনিকতাৰ চুলি,
সেয়ে বহুতে কয় মোক Outdated বুলি।
ৰাগিয়াল বস্তু সেৱন নকৰো,
নাখাও মই চিগাৰেট গুটখা,
সেয়ে বহুতে কয় মোক
মই হেনো পানীকেচুঁৱা।
কৰিব নাজানিলো ২ ৩ জনী লগত
প্ৰেমৰ লীলা খেলা,
হয় ৰৈছো আজিৰ যুগত Single,
হয়তো বহুতে দিব খোজে
মোক পুৰুষহীনতাৰ Title।
এইয়ে যদি হয়
আধুনিকতাৰ চিহ্ন,
তেন্তে মোক দিয়া title বোৰ লৈ
সচাঁয়ে মই ধন্য।

Comments

Popular Posts