কল্পনা

কল্পনা কৰক যদি বৰ্তমান সময়ত
ৰাবনে সীতাক হৰণ
কৰিছে আৰু সীতা লংকাত থকা অৱস্হাত
ৰাম আৰু
সীতাৰ
মাজত facebook জৰিয়তে কথোপকথন হৈছে ৷
ৰাম - সীতাৰ কথোপকথনৰ সাৰাংশ
দাঙি ধৰা হল --
"সীতা, মই তোমাক বহুত বেয়া পাইছো ৷
ভাবিছিলো তুমি চাগে দুখত মন
মাৰি আছা ৷ তোমাৰ
দুখতে মই বহুত দিন Facebook খুলাই নাছিলো ৷
দুদিনমানৰ আগতে হনুমানে কলে ৰাম ছাৰ,
আপুনি এনেকে মন মাৰি নাথাকিব ৷ Facebook
টো খুলি অলপ chat কে কৰক ৷ মনতো পাতল
লাগিব

Facebook খুলি দেখো তুমি চোন Online ৷ তাৰ
পাছত
তোমাৰ একাউন্টো খুলি চালো ৷ তোমাৰ
Status বোৰ
দেখিতো মই তবধ মানিলো ৷ Feeling Happy,
Feeling
wonderfl, Feeling blessd আদি status দি থৈছা ৷
আৰু
তোমাৰ status বোৰত তামাম like আৰু comment

কুম্ভকৰ্ণ হাৰামি, যিটোৱে শুৱাৰ
পৰা নুঠেই , তাৰ
আক' তোমাৰ status ত like , commnt কি চাবা ৷
আৰু
তোমাৰ friendlist খনযে লংকাৰ মানুহে full
হৈ গল ৷
ভাৰতত থাকোতে কেইটামান হে friend
আছিল ৷ আৰু
ৰাবনে হৰণ কৰি নিওতেও যে তুমি selfie
ফটো তুলি facebook ত দিছিলা ৷ আৰু হৰণ
কৰি নিওতে তুমি Travelling to LANKA
দিছিলা ৷ গম
পাইছো তুমি বিদেশলৈ যোৱা প্ৰথম
ভাৰতীয়
মহিলা হলা কাৰণে অলপ ফুলি আছা ৷
যি দিলা দিলা আৰু ৷
আগলে আৰু এইবোৰ status নিদিবা ৷
নহলে মানুহে ভুল
বুজিব আৰু তুমি আহি ইয়াত
অগ্নিপৰীক্ষা দিব
লাগিবহি ৷
আৰু তুমি ৰাবণৰ ফটো আৰু status ত comment
নিদিবা ৷
মই সোনকালেই গৈ আছো ৷ হনুমানক
পঠাইছোঁ,
সি তোমাৰ ঠিকনা ভালকে চাই আহিব ৷
ইতিমধ্যে বান্দৰ
সেনা লংকা যাবলে দলং বনোৱা কামত
লাগিছেই ৷ দলংৰ কাম হলেই মই গৈ আছো ৷
Miss U,
take care !!! "
ৰামৰ Message পাই সীতা Emotional হৈ গল ৷
সীতাইয়ো Reply দিলে ৷ সেইখিনি আছিল
এনেধৰণৰ
--
"তোমাৰ message টো পাই ভাল লাগিল ৷
মোক ইয়াত
চবেই বহুত ভাল পাইছে ৷ মই বিদেশী বুলি গম
পাই
বহুতে মোক এতিয়া # ছোনিয়া বুলিও মাতে ৷
মই
অকলে অকলে Bore হৈ গৈছো ৷
সেইকাৰণে facebook
তে অলপ থাকো আৰু ৷ আৰু
তুমিযে কৈছা মোৰ like
comment কিয় ইমান বেছি ৷ জানাইছোন
ছোৱালীয়ে Dot এটা দিলেও লৰাবোৰৰ like
comment
থাকিবই ৷ ভাবিছিলো লংকাৰ লৰাবোৰ
ভাল হব চাগে ৷
কিন্তু এইগালো একে ৷ ৰাবনেযে ইয়াত Ak47
লৈহে ঘুৰি ফুৰে ৷ কিবা কাৰণত
যদি তুমি Saradha ৰ
লগত জড়িত আছিলা , তাৰ পইচাৰে পূজাত
হলেও
ডাঙৰ
বন্ধুক এটা কিনি লবা ৷ তুমিযে তোমাৰ
profile picture
খন change কৰা আৰু পাই ৷
বনবাসলে আহোতেই
সেইখন দিয়া ৷ পূজাত কিনা বন্ধুকৰ
সৈতে নতুন profile
picture দিবা আৰু কি দলং বনাই
আছা সোনকালে বনোৱা ৷ # বগীবিল খনৰ
নিচিনা বনাওতে যুগ যুগ নলগাবা ৷ বগীবিল
বনাওতে যিমানদিন লাগিছে আমাৰ
চাগে বনবাসেই শেষ
হবগৈ, সেইখন নহয় ৷
বাকি কিনো কম আৰু ৷ এই ১০ মুখীয়া ৰাবন
দালে কথা কলে কিবা *সমবেত সংগীত
গোৱা যেন
লাগে ৷ ৰাবন দালে ১০ খন মুখৰ
কাৰণেযে একো গেঞ্জী, ছাৰ্ট পিন্ধিব
নোৱাৰে ৷
সেইকাৰণে সি সদায় সুধা গা দাল
লৈ ঘুৰি ফুৰে ৷ উলাই
থকা পেটদালৰ সৈতে ইমান faltu লাগে নহয়
তাক ৷
আমনি লাগিছে আৰু
ইয়াত মোৰ ৷
সোনকালে আহি মোক
লৈ যোৱাহি ৷
হনুমানৰ
হাততে কিবা এটা দি পঠাইছোঁ খাবা

Comments

Popular Posts