English Classs

ইংৰাজী ক্লাচ চলি থকাৰ সময়ত
নগেনে কিবা এটা ভাবি ভাবি মিচিকিয়াই
হাঁহি আছে ৷ তাকে দেখি শিক্ষক জনে সুধিলে,
শিক্ষক : নগেন, কি হ'ল ? কিয় হাঁহি আছ, পঢ়াই
থকাৰ সময়ত ?
নগেন : চাৰ, বহুত দিনৰ পৰা ফেচবুকত একাউন্ট
এটা বনাম বনাম বুলি আশা এটা পুহি ৰাখিছিলো,
আজি বনাই দিলো ৷ সেয়েহে মনত আনন্দ
লাগি আছে ৷
শিক্ষক : অতিমাত্ৰা, আনন্দ লোৱাৰ
কোনো প্ৰয়োজন নাই ৷ কচোন ইংৰাজীত পোষ্ট
মানে কি ?
নগেন : কিবা কিবি লিখি ফেচবুকত দিলেই তাক
পোষ্ট বোলা হয় চাৰ ৷
শিক্ষক : যেনে ?
নগেন : চাৰ, মানুহে যিবোৰ ফেচবুকত লিখি ,
আপলোড কৰি দিয়ে সেইবোৰকে পোষ্ট বুলি কয় ৷
ফুৰিবলৈ গলো, ফটো আপলোড কৰি দিলো, সেইটোও
পোষ্টেই হয় চাৰ ৷
ক্ৰিকেট খেল চাই স্কৰ কিমান হ'ল তাক দিলো ৷
সেইটোও পোষ্টেই হয় চাৰ ৷
চাৰ, আচলতে আমি ডেকা - গাভৰুবোৰ পোষ্টৰ বাবেই
জীয়াই থকাৰ নিচিনাই আৰু !
অংগৰাগ মহন্তৰ গীতৰ কলিকে আৰম্ভ কৰি আমিৰ
খানে অভিনয় কৰা চিনেমা, এই সকলোবোৰ পোষ্টেই
হয় চাৰ ৷
১ মিনিটৰ অন্তৰে অন্তৰে কমেন্ট, লাইক, কমেন্ট ,
লাইক ৱাহ !!!
শিক্ষক : মনে মনে থাক ৷ একাউন্ট বনাই এইবোৰ
কৰিবি ?
কমেন্ট লাইক, কমেন্ট লাইক হা ৷ খগেন তই কচোন ?
খগেন : ফটো, লেখনি বা ভিডিঅ আদি মোবাইল
বা টেবলেট, ডেস্কটপ বা লেপটপৰ জৰিয়তে ভিন্ন
অপেৰেটিং চিষ্টেমৰ দ্বাৰা ইন্টাৰনেটৰ
জৰিয়তে ফেচবুকত পঠিওৱা কে পোষ্ট বোলা হয় চাৰ ৷
শিক্ষক : সুন্দৰ ৷
নগেন : কিন্তু চাৰ, ময়োতো তাকেই
বুজাইছিলো পোনপটীয়াকৈ ৷
শিক্ষক : পোনপটীয়াকৈ কবলৈ হ'লে টুইটাৰত একাউন্ট
বনাই ল মূৰ্খ ৷
নগেন : ক্ষমা কৰিব চাৰ, টুইটাৰৰ বাহিৰে অন্য
চাইটো........................ !!!!
শিক্ষক : গেট আউট !
নগেন : কিন্তু কিয় চাৰ ?
শিক্ষক : সংক্ষিপ্তকৈ কবলৈ হ'লে বাহিৰ হ !!!
(নগেন বাহিৰলৈ ওলাই গ'ল ৷ আকৌ পুনৰ ক্লাচক
আহি সোমাল ৷ )
শিক্ষক : কি হ'ল আকৌ তোৰ ?
নগেন : কাম এটা কৰিবলৈ পাহৰি গৈছিলো চাৰ ৷
শিক্ষক : কি কাম ?
নগেন : আমাক এটা সাংঘাটিক বুটাম দিছে ৷ যিটোৰ
জৰিয়তে আমি আমাৰ ফটোবোৰ, চিকৰেট
মেছেজবোৰ, দৰকাৰী তথ্যসমূহ কোনো দুষ্ট চক্ৰ
নাইবা কোনো হেকাৰৰ হাতৰ পৰা হেকিং হোৱাৰ
পৰা পৰিত্ৰাণ পাওঁ ৷
শিক্ষক : অই, তই কি কবলৈ বিচাৰিছ ?
নগেন : লগ আউট চাৰ ৷
(Log Out) খগেনৰ মোবাইলত ৰাতিপুৱা ফেচবুক
কৰিছিলো , কিন্তু লগ আউট কৰিবলৈ পাহৰি গলো ৷
শিক্ষক : তই, তাকে পোনপটীয়াকৈ কব
নোৱাৰিলি নেকি ???
নগেন : অলপ সময়ৰ
আগতে তেনেকৈ কবলৈ চেষ্টা কৰিছিলো চাৰ ৷ কিন্তু
আপোনাৰ পছন্দ নহল !!!

Comments

Popular Posts