লটি-ঘটি

বাঘটোৱে চিগাৰেট টানিব ওলাইছিল হে ...
থিক সেই সময়তে এন্দুৰ এটা আহিল বাঘৰ ওচৰলৈ আৰু
কলে " ভাই নিচাজাতীয় বস্তু ভাল নহয় , এৰি দিয়া ,
মোৰ লগত আহা । চোৱাচোন জংগলখন কিমান
ধুনীয়া । "
বাঘটোৱে তাৰ কথা শুনি এন্দুৰটোৰ
পিছে পিছে যাবলৈ ধৰিলে ।
অলপ পিছত এটা হাতী লগ পালে সিহতে ।
হাতীটোৱে চাধা মাৰি আছিল
এন্দুৰটোৱে আকৌ একেই কথাকে কলে "ভাই
নিচাজাতীয় বস্তু ভাল নহয় , এৰি দিয়া , মোৰ লগত
আহা । চোৱাচোন জংগলখন কিমান ধুনীয়া ।"
হাতীও পিছে পিছে যাবলৈ ধৰিলে এন্দুৰৰ
কথা শুনি ।
অলপ আগত গৈ সিংহ এটাই ৱিস্কি খাই
থকা দেখা পালে এন্দুৰটোৱে আকৌ একেই
কথাকে কলে "ভাই নিচাজাতীয় বস্তু ভাল নহয় ,
এৰি দিয়া , মোৰ লগত আহা । চোৱাচোন জংগলখন
কিমান ধুনীয়া ।"
তাকে শুনি সিংহই এন্দুৰতোক এটা দুটাকৈ ৪ টা চৰ
মাৰিলে ।
হাতীয়ে শুধিলে -- কিয় মাৰিছা তাক ? . . . .
সিংহই কলে -- ই চাল্লা সদায় গাঞ্জা খাই
আহি গোটেই ৰাতি চবকে এনেকৈ জংগলত ঘুৰাই
থাকে ।

Comments

Popular Posts