আধুনীক ৰঙালী বিহুৰ ওঁপৰত কনটিৰ এখন ৰছনা ,নপঢ়িলে বহুত miss কৰিব ,100% সঁচা


1: অসমীয়া মানুহে কথাই কথাই "বাপতি সাহোন" বুলি কৈ থকা
উৎসৱ এটাৰ নাম ৰঙালী বিহু ।
2: এই উৎসৱ চতমাহৰ মাজ ভাগৰ পৰা জেঠ মাহৰ শেষলৈকে
উৎযাপন কৰা হয় ।
3: বিহুৰ বি টো নজনা ,অসমীয়া ভাষাত কথা কবলৈ লাজপোৱা,
গাওঁ আৰু গাঁৱলীয়া পৰিবেশক ভূত হেন দেখা , দহ বিশ
হাজাৰ টকীয়া মুগাৰ সাজ কিনিব পৰা চহৰ আৰু নগৰৰৰ অসমীয়া মানুহে ইয়াক বেচি ৰংচঙীয়াকৈ পালন কৰে । গাঁৱত সাধাৰন ভাৱে পৰম্পৰা
ৰক্ষা কৰি দুখী দুখী অৱস্থাৰে পালন কৰা হয় ।
4: কোনো দিনে নিজে তৈয়াৰ কৰিব নজনা, নোৱাৰা মাইকী
মানুহ বিলাকে বিহুত প্লেটত সজাই মানুহক দেখুৱাবলৈ পিঠাপনা, জা জলপান
দৈ ক্ৰীম আদি বজাৰৰ পৰা কিনি অনা হয় । খাবলৈ অনা হয়
গাহৰি কুকুৰাৰ মঙহ আৰু ৰঙা পানী ।
5: তাতৰশাল কি মিউজিয়ামত চাবলৈ যোৱা অসমীয়া মহিলাই
বজাৰৰ পৰা মাদ্ৰাজী, বঙালী গামোছা কিনি আনি গিৰীয়েক/
প্ৰমিকৰ ডিঙিত পিন্ধাই যুদ্ধ জয় কৰা যেন অনুভৱ ।
6; সদায় জীনছ টপ ,টপলেছ, বটম লেছ, বেকলেছ পিন্ধা ছোৱালী
মখাই মেখেলা চাদৰ পিন্ধি খোজ কাঢ়ে, বিহু নাচে ,টিভিত ওলায়,
আৰু মেখেলাৰে জোটপোট খাই যতে ততে লুটি খাই পৰাও দেখা যায় ।
7:এবিধ টিউচন মাষ্টৰ মাষ্টৰণী নামৰ প্ৰানীয়ে ছোৱালী বিলাকক
বিহু নাচৰ কৰ্মশালাৰ/প্ৰশিক্ষণৰ নামত পেটত পেলুহলে চিকূট
মাৰি ধৰিলে সৰু ছোৱালীয়ে মেটুৰামেটুৰি কৰাৰ দৰে এবিধ
নাচ শিকাই পইচা ঘটিবলৈ ।
8: চত মাহৰ পৰাই টিভি চেনেলবোৰে বিহুৰ ফটাঢোল বজাই
বিহু অহাৰ আগজাননী দিয়ে ,কাৰন বন জংঘল নথকা হেতু
বসন্তৰ জাননী দিবলৈ কুলি চৰাই নাহে । কুলি চৰাইৰ দায়িত্ব
টিভি চেনেলবোৰে লোৱা দেখা যায় ।
9: গায়ক গায়িকা নামৰ বস্তু বিধ এই সময়ত যতে ততে মূৰ
ডাঙি থিয় হয় টকা ঘটিবলৈ । মই ইয়াতে আছো মোক বুক কৰা বুলি মাতিবলৈ
লয়, লাগিলে তেওঁ গাব জানক বা নাজানক । কিন্তু চিজনটো
নেৰে ।
10: এই বিহুত মদ খোৱাতো আৰু মদ খাই মাতলামি কৰাতো ,
বমি কৰাতো ,মাৰপিট কৰাতো ,
এটা নতুন পৰম্পৰা । তাকে নকৰাজন খাটি অসমীয়া নহয় ।
11: বিহুনামৰ ফিউজ অন কৰি , ৰ' নামৰ বিহুনাম বোৰক
হাইটেক কৰি, কম বাদ্যযন্ত্ৰৰে কানফলা শব্দ কৰি অদ্ভূট
বেশভূষা পৰিহিত গায়ক গায়ীকা সকলে লাখ লাখ টকাৰ বিনিময়ত
মুখমেলি ভেবালাগি চাই থকা মানুহবোৰৰ কানৰ কনামাকৰি
সৰুৱাই বিহু উৎযাপন কৰে ।
12: দম চম দি হলেও চান্দা সংগ্ৰহ অভিযান এইসময়ত অসমৰ
সকলো ঠাইতে আৰম্ভ হয় । দকা হকা দি অসমীয়া, অনা অসমীয়া
সকলোৰে পৰা মোটা অংকৰ ধনবসংগ্ৰহ কৰা হয় । কাৰন অসমীয়া
মানুহবোৰ দুখীয়া ,মগণীয়া হোৱা বাবে বিহু পতাত সমৰ্থবান নহয় ।
13:অসমীয়া সকলে সকলো দিশতে ৰঙালী বিহুটো ভাড়া কৰি
অনা মানুহেৰে পাতে । কাৰন নিজে পাতিবলৈ তেওঁলোকৰ হাত
ভৰি, মন, উৎসাহ, উচাহ, আনন্দ, নচা , নাম গোৱা , সকলো
কেতিয়াবাই শেষ পালে । মদ নাখালে ঠেং দাং নাখায় ।
14: এই বিহু চিজনত চৰকাৰী অফিচ কাছাৰীৰ কাম কাজ
এমাহলৈ বন্ধ থাকে ।
15: চান্দা দিয়াৰ ভয়ত বেপাৰী দোকানীয়ে দোকান বন্ধ কৰি
পলাই পটং দিয়ে ।
16:অসমীয়া মানুহবোৰে সকলো কামবন এৰি দিনৰ দিনটো
টিভিৰ বিহু আৰু সন্ধিয়াৰ পৰা ৰাতিপূৱালৈকে ভাড়া কৰি অনা
গায়ক গায়িকাৰ গান শুনি সময় পাৰ কৰে।।
অলপ বেচি হ'ল নেকি ......................নে ঠিকেই আছে?

Comments

Popular Posts