পাপুৰ প্ৰশ্ন

শিক্ষক ___ ছাত্ৰ ছাত্ৰী হত , ৰামচন্দ্ৰই যেতিয়া
সাগৰৰ ওপৰত সেতু বনোৱাৰ সিদ্ধান্ত লৈছিল ........
পাপু ---- চাৰ , মোৰ অলপ কবলগীয়া আছিল ।
শিক্ষক ---- কোৱা পাপু ।
পাপু ----- ৰামচন্দ্ৰৰ সেতু বনোৱা সিদ্ধান্ত ভুল আছিল

শিক্ষক --- কিয় পাপু ?
পাপু------ কিয়নো তেওঁৰ লগত হনুমান আছিল । আৰু
হনুমানে উৰি যাব পাৰিছিল । তেন্তে সেতু
বনোৱাৰ কি প্ৰয়োজন আছিল ?
শিক্ষক --- অকল হনুমানেহে উৰিব পাৰিছিল । বাকি
বান্দৰ সেনাবোৰ কেনেকৈ পাৰ হলহেতেন ?
পাপু ----- চাৰ , হনুমানে যদি অকলে দ্ৰোনাগিৰি
পৰ্বত দাঙি লব পাৰিছিল তেন্তে বান্দৰ সেনা
বোৰকো উঠাই পাৰ কৰিব পাৰিলেহেতেন ।
শিক্ষক ---- ভগৱানৰ কথাত প্ৰশ্ন কৰিব নাপায় পাপু ।
তেওঁৰ মহিমা অপাৰ ।
পাপু ---- কিন্তু চাৰ আৰু এটা উপায় আছিল ।
শিক্ষক ----( খঙেৰে ) কোৱা ।
পাপু ----- হনুমানে নিজৰ আকৃতি ডাঙৰ সৰু কৰিব
পাৰিছিল । তেওঁ সূৰ্য্যক গিলাৰ সময়ত মুখখন সূৰ্য্যটকৈও
ডাঙৰ কৰিছিল । তেতিয়া হলে নিজৰ আকৃতি
সাগৰতকৈ ডাঙৰ কৰি বান্দৰ সেনাক পিঠিত উঠাই
লৈ যাব পাৰিলোহেতেন । আৰু তেতিয়া ৰামচন্দ্ৰই
সাগৰক ইমান কাকুতি মিনতি কৰাৰ কোনো দৰকাৰেই
নহলহেতেন ।
পাপু ------ যি কি নহওঁক চাৰ , আৰু এটা কথা সুধিব
পাৰোনে ?
শিক্ষক ---- সোধা ।
পাপু ----- শুনিব পাইছিলো যেতিয়া বান্দৰ সেনাই
সমুদ্ৰৰ ওপৰত শিলেৰে সেতু বনাইছিল , সেই শিলবোৰত
"ৰাম " নাম লিখাৰ লগে লগে শিলবোৰ হেনো
সাগৰত ওপঙি উঠিছিল ?
শিক্ষক ----- হয় তুমি ঠিকেই কৈছা ।
পাপু ----- কিন্তু ইয়াতো মোৰ এটা প্ৰশ্ন আছে চাৰ ।
শিক্ষক ----- সোধা ।
পাপু ----- এই বান্দৰ ,ভালুক বোৰক পঢ়া লিখা কোনে
শিকাইছিল চাৰ ?
শিক্ষক ( খঙত ) ---- মুৰ্খ , পাষণ্ড , হাৰামখোৰ বন্ধ কৰ
তোৰ লেকচাৰ আৰু আঠু কাঢ় ।
পাপু ----- আগৰ পৰাই আমি মুৰ্খ হৈ শুনি আহিছো চাৰ ,
এতিয়ানো কিয় মুৰ্খ নহম । আঠু কাঢ়িছো চাৰ ।

Comments

Popular Posts