বীৰ হয়নে

মোৰ সমান কোনো বীৰ নাই
.
জাপ মাৰি পাৰ হওঁ ঘৰৰ দোৱাৰ দলি,
একেমাৰে ভাঙো মই মাটিৰ
টেকেলি ।
কেঁয়া আঙুলিৰে ফালো মই মকৰা জাল,
মোৰ আগত বৰ বৰ কথা নোকোৱাই ভাল
*
*
*
একে চেপাই উলিয়াও ফেয়াৰ লভলি
কিম,
পেদেল মাৰি ঘোৰাও মই চাইকেলৰ
ৰিং ।
ফু-মাৰি নুমুৱাও মই জলি থকা চাকি,
খোৱা কিবা-কিবি পালে নথওঁ ৰাখি
। ।
*
*
গছক মাৰি ভাঙো মই পাটি হাঁহৰ কণী,
ছোৱালী দেখিলে মই নাচাও জুমি
জুমি ।
মই খেদা মাৰি গলে নিগনি ও পলাই,
সৰো লৰা পালে দিওঁ কাণ পকাই । ।
*
*
হাফ এটা খাই ললে মই ইংৰাজীও
মাতো,
পুলিচ দেখিলে কিনতু পেনতে মোতো

এখন হাতেৰেই দলি মাৰো টেনিচ বল,
দুই হাতে দাঙো মই দুটা জাহাজী কল ।

*
*
আমলৰি পৰোৱা কথা নকৱেই বাৰো,
গোৰি পৰোৱা ও মই গচকি গচকি মাৰো

বাঘ সিংহৰ কথানো কি কম,
বোজিলেই চাগে মোৰ কিমান দম
* * * * * **************************
সেয়ে কলো . . . মোৰ সমান কোনো
আৰো বীৰ নাই ।

Comments

Popular Posts