কেইটামান উত্তৰবীহিন প্ৰশ্ন:-

???

1. কোৱা হয় 'এশ গৰু মাৰিলে বাঘৰো মৰণ' আৰু
'সাৱধানীৰ মৰণ নাই' ৷ এতিয়া কথা হ'ল
সাৱধানেৰে এশ গৰু মাৰিলে বাঘটোৰ মৰণ হব
নে নাই?

2. কোৱা হয় ' শুই থকা শিয়ালে হাঁহ ধৰিব
নোৱাৰে' ৷ যদি শিয়ালটোৱে হাঁহৰ গৰাঁলতে
শুই থাকে তেন্তে হাঁহ ধৰিব পাৰিব নে নাই ?

3. 'ডাক' পেহাই কৈ গৈছিল 'আছে গৰু নাবায়
হাল
হোৱাতকৈ নোহোৱাই ভাল' ৷ আকৌ ফকৰা
যোজনাত আছে 'নাই মোমাইতকৈ কনা
মোমাইয়ে ভাল' ৷ এতিয়া কথা হল কোনটো
শুদ্ধ, কাৰণ এটা শুদ্ধ হলে আনটো ভুল হবই ৷

4. 'লাও যিমানেই ডাঙৰ নহঁওক সদায় পাতৰ তলত'
যোজনাটো কিয় নাৰী জাতিৰ ওপৰত প্ৰয়োগ
কৰা
হয়? নাৰীসকল লাও নেকি কিবা?

5. ........ চেনেলৰ 'চাবধান ইণ্ডিয়া'ৰ উদ্দেশ্য
অপৰাধৰ পৰা আমাক সজাগ কৰা নে অপৰাধ
সংঘটিত কৰিবলৈ নতুন নতুন আইদিয়া দিয়া ?

6. যদি ফেয়াৰ এণ্ড লভলি ক্ৰীমটোৱে ক'লা
চেহেৰা
সচায়ে বগা কৰিব পাৰে, তেন্তে এই
বিজ্ঞাপনৰ বাবে বিৰাট কোহলীৰ ঠাইত কিয়
বিনোদ কাম্বলীক লোৱা নহল ?
কাৰণ বিৰাট কোহলী দেখোন এনেও বগা ৷

Comments

Popular Posts