Reply

এবাৰ বিবাহিত মহিলা সকলৰ এখন মেল
অনুষ্ঠিত কৰা হ'ল, আৰু মহিলাসকলকএটা প্রশ্ন
সোধা হ'ল কি আপুনি শেষৰবাৰৰ বাবে
কেতিয়া আপোনাৰ স্বামীক ভাল পাঁও বুলি
কৈছিলে?
কোনোবা এগৰাকীয়ে কলে "আজিয়ে
কৈছিলো", আন কোনোবাই ক'লে "দুদিনমানৰ
আগত কৈছিলো", কোনোবাই ক'লে "দহ দিন
মানৰ আগত কৈছিলো নেকি" ইত্যাদি
ইত্যাদি..
তেতিয়া সকলো মহিলাক কোৱা হ'ল,
সকলোৱে নিজৰ নিজৰ মোবাইলৰ পৰা নিজৰ
নিজৰ স্বামীলৈ "I LOVE U" বুলি মেছেজ
কৰা, আৰু যাৰেই ৰিপ্লাইতো সুন্দৰ হ’ব তেওঁক
চাৰপ্ৰাইজ গিফ্ট দিয়া হ'ব !!
তেতিয়া সকলো মহিলায়ে নিজৰ নিজৰ
স্বামীক মেছেজ কৰাত লাগিল !!! ক্ষন্তেক
সময়ৰ পিছৰে পৰা মেছেজৰ ৰিপ্লাই
আহিবলৈ ধৰিবলৈ,
   ☞তলত দিয়াৰ ধৰনে-
১) তোমাৰ স্বাস্থ্যতো ঠিকেই আছেনে ?
২)ঘৰ চলাবলৈ দিয়া টকা শেষ হৈ গল নেকি ?
৩)কিয় তুমি মাঁৰ ঘৰলৈ যাবা নেকি ?
৪) আজি ৰাতিলৈ চাগৈ ভাত মই বনাব লাগিব নহয়
জানো ?
৫) মানে কি কৈছা ?
৬) তুমি দিঠকত
আছা নে নাই, নে সপোনতে মেছেজ দিছা ?
৭) ভাদমহীয়া নামঘৰৰ নাম লওতে কাৰোবাৰ
জুৱেলাৰী পচন্দ কৰিলা নেকি ?
৮) আচৰিত
দেই, কামত ব্যস্ত থকা মানুহৰ লগতো ধেমালি
কৰা ?
৯) কিমান বাৰ কম আৰু তোমাক
চিৰিয়েলবোৰ কমকৈ চাবা বুলি !
১০) আজি
আকৌ গাড়ীখন খুন্দিয়ালা হবলা চাগে?
ফাইনেল যি গৰাকীয়ে চাৰপ্ৰাইজ গিফ্টতো
পালে, তেওঁৰ স্বামীৰ ৰিপ্লাইতো বহুত
খটৰনাক আছিল..সেইটো হ’ল- "মোৰ পত্নীৰ
মোবাইলৰ পৰা মেছেজ দিয়া তুমি কোন
বাৰু..!!??”

Comments

Popular Posts