কচু বেপাৰী আৰু আন্দাৰ পেণ্ট



এজন কচু বেপাৰীয়ে এদিনাখন কচু বেপাৰত বহুত লাভ হোৱাত এটা আন্দাৰপেন্ট কিনিলে ।
লুঙিখনৰ তলত আন্দাৰপেন্টটো পিন্ধি সি বৰ আৰাম পালে ।
সি তাৰ চিনাকি চাহ খোৱা দোকানী কেইজনক, চাইকেল ভাল কৰে সেই চাইকেল মেকানীক কেইজনক, বাকী খোৱা গেলা মালৰ দোকানী জনক লুঙিখন দাঙি দাঙি আন্দাৰপেন্টটো দেখুওৱালে ।
সকলোৱে হাঁহি হাঁহি তাক বাঃ বাঃ দিলে ।
তাৰ বৰ আনন্দ লাগিল ।
সেই কাৰণে সি সেইদিনাখন বহুত সোনকালে ঘৰলৈ বুলি খোজ ল'লে ।
এনেতে বাটতে তাৰ শৌচ কৰিব লগাত এটা পানী থকা খালৰ পাৰৰ হলা গছৰ এটা ডালত আন্দাৰপেন্টটো খুলি থৈ শৌচ কৰিলে ।
শৌচ কৰি উঠি মাটি পানী লৈ লুঙিখন তললৈ পেলাই ঘৰলৈ পুনৰ বেগাবেগীকৈ ঘৰলৈ খোজ ল'লে ।
আন্দাৰপেন্টটো পিন্ধিবৰে নহ'ল ।
কাৰণ আন্দাৰপেন্ট পিন্ধা তাৰ অভ্যাস নাছিল । গছৰ ডালতে সেই ভাগি বস্ত্ৰ ওলমি থাকিল ।
তেনেকৈয়ে সি সেইদিনা বহু সোনকালে আহি ঘৰ পালে ।
ঘৰৰ মাক, ভনীয়েক আৰু ঘৈণীয়েকে তাৰ পদুলিত চিঞৰ শুনি আটায়ে আহি চোতাল পালে ।
মনতে ভাবিলে - আনদিনাখন জুৱাৰ পৰা উঠিবৰে নহয় ।
আজিচোন দিনদুপৰতে আহি ঘৰ ওলাল ।
সেইবুলি সবে তালৈ অবাক হৈ চাবলৈ ধৰিলে ।
সি হাঁহি এটা মাৰি সবকে ক'লে--
" মই আজি এটা বেলেগ ব্স্তু আনিছো ।আমাৰ ঘৰত তেনে ব্স্তু কাৰো নাই ।"
পৰিয়ালবৰ্গ :-কিনো ব্স্তুটো আনিছা । চাওঁ দে চোন ।
আটায়ে তালৈ বৰ উৎসুকতাৰে চাই ৰ'ল ।
সি লগে লগে গৰ্বত বুকুখন ফুলাই তাৰ লুঙিখন দাঙি আন্দাৰপেন্টটো সবকে দেখুৱাই দিয়া দি দেখুৱালে ।
সি মনতে ভাবিলে দোকানী আৰু মেকানীক কেইজনে ঘিক ঘিকাই হঁহা দি ইহঁতেও হাঁহিব ।
সিহঁতৰ লগত সিও গৰ্বৰ হাঁহি মাৰিব ।
এইবুলি সি সবৰে মুখলৈ চাই ৰল । কিন্তু ..........
কিন্তু .......
এয়া কি...??
লগে লগে আটাইবোৰে চকু মুখত হাত ঢাকি দি ঘৰৰ ভিতৰত সোমাল ।
আনকি তাৰ ঘৈণীয়েকো সোমাল ।
সি লুঙি দাঙিয়ে ৰ'ল ।
সি অবাক হ'ল ।
লুঙিখন তললৈ পেলাই দি খংমনেৰে সি ঘৰ সোমাই ঘৈণীয়েকক কলে -
বেপাৰী:- এই আন্দাৰপেন্টটো তই কি বেয়া দেখিলি হু ?
ঘৈণীয়েক:- আন্দাৰপেন্ট ....???
বেপাৰী:-ওঁ
ঘৈণীয়েক:- ক'ত চাওঁ ?
বেপাৰীয়ে লগে লগে আৰু এবাৰ লুঙিখন দাঙি দিলে ।
লগে লগে ঘৈণীয়েকে হাঁহিব ধৰিলে ।
বেপাৰীয়ে তেতিয়াহ ভাবিলে,, দেখুৱাত এইবাৰহে ভাল হৈছে ।
দোকানী কেইজনৰ দৰেইচোন ঘৈণীয়েকে হাঁহিছে ।
সেই ভাবি সিয়ো এবাৰ আন্দাৰপেন্টটো হালি চালে ।
ঐ মোৰ বাপ ॥
আন্দাৰপেন্টটোচোন নাই ।
সি সৰগ পৰা মানুহজন হৈ ৰ'ল ।
ঘৈণীয়েকে সুধিলে :-- কিনো হ'ল ...????... কেচটো কি ?
বেপাৰী:- ছিঃ ছিঃ ছিঃ মই কি কাম কৰিলো ।
ঘৈণীয়েক:- কিয় , কি হল ???
বেপাৰী:- মই আহোঁতে বাটতে শৌচ কৰা লাগিল বুজিছা ।
আন্দাৰপেন্টটো তাতে ৰৈ আহিল ।
ছিঃ ছিঃ ছিঃ মই মা ভনীক কি স'তে মুখ দেখুৱাও অ.............।
এই বুলি সি মূৰত হাত দুখন থৈ মাটিত বহি পৰিল ।।।।।
(সংগ্ৰহ )

Comments

Popular Posts