শীতকালৰ স্নান কৰাৰ ৪ টা উপায় :-

চাওতে চাওতে শীতকাল আহি পালেহি।
ঠাণ্ডাও বাহিছে। সেয়েহে ৰাতিপুৱা স্নান
বা গা ধুবলৈ তলত কেইবা প্রকাৰৰ ভাগ
দিয়া হৈছে আৰু তাৰ মাজৰ কোনোবা এটা
আপুনি অৱলম্বন কৰিব পাৰিব!

১. টোপাল স্নানঃ এই প্রকাৰ স্নানক
টোপাল স্নান বুলি কোৱা হৈছে। ইয়াত
কেইটোপাল মান পানী গোটেই শৰীৰৰ
ওপৰত চটিয়াই লৈ কেৱল মুখমণ্ডল ধোৱা
যায়!

২. বাল্টি নমস্কাৰ স্নানঃ এই প্রকাৰ
স্নানত পানী ভর্তী বাল্টি এটাক নমস্কাৰ
কৰিলেই স্নান সম্পন্ন হোৱা বুলি ধৰা
যায়।

৩. জল স্মৰণ স্নানঃ এই প্রকাৰ স্নান
এক উচ্চ প্রকাৰৰ স্নান! এইবিধ স্নান
ব্লেংকেট বা লেপৰ তলত সোমাই থকাৰ
পৰাই কৰিব পাৰি, কেৱল পানীৰে স্নান
কৰিলো বুলি মনত একবাৰ ভাবি ল’লেই
এই স্নান সম্পুর্ণ হয়।

৪. আৰু অন্তিম বিধ স্নান হৈছে-
স্পর্শনাভুতি স্নানঃ এই বিধ স্নানত
কোনো স্নান কৰি অহা ব্যক্তিৰ
শৰীৰত স্পর্শ কৰি “ত্বং স্নানম মমং
স্নানম” বুলি ক’লেই এই স্নান সম্পুর্ণ
হয়!!

Comments

Popular Posts