হাতীলৈ বিয়া দি.....!!

NRCৰ সংক্ৰান্তত বহুদিনৰ মুৰত


জোৱায়েক শহুৰেকৰ ঘৰলৈ গ'ল।
গৈ পাওঁতে সন্ধিয়া হ'ল,
তেনেতে ৰাতি ভাতখোৱা সময় আহিল,
ভাতৰ পাতৰ পৰা শহুৰেকে ক'লে
"এঁহ জোৱাই কিনো কম আৰু
ইমানদিনৰ মুৰত আহিলা কিন্তু
ভাল একো এটা যোগাৰ কৰিব
নোৱাৰিলো, তুমি খবৰ এটাতো
দি আহিব পাৰিলা হয়!
এতিয়া খোৱা আৰু পচলাৰে ভাত।"

.
অলপ বেছিজনা দেখুৱাই
জোৱায়েকে ক'লেঃ
"একো নাই দেউতা,
পচলা খালে ভাল, তেজ হয়।
আৰু মোৰ প্ৰিয় খাদ্য হয় পচলা।"
.

জোৱায়েক একেৰাহে ৫ দিনমান
থাকিল,
জোৱায়,েকে ভালপাব বুলি শাহুৱেকে
সদায় পচলাকে বনায়,
জোৱায়েকৰ পচলা খায় বিৰক্তি
লগাত সি এটা বুদ্ধি কৰিলে...
সি আজি যামগৈ ক'ব
আৰু শাহুৰেকে কিবা বেলগ
ভাল খাবলৈ বনাব।
কথামতে কাম...
জোৱায়েকে শহুৰেকক ক'লেঃ
"দেউতা, পঞ্চায়তৰ কাগজখন
মই আজি পালো, সেয়ে মই
আজি যামগৈ।"

.
এইকথা শুনি শুহৰেকে ওচৰতে
থকা খুলশালীয়েকটোক মাতিলে,
(জোৱায়েকে ভাবিলে আঃ আজি
মাংস আনিব দিব)
শহুৰেকে খুলশালীয়েকক ক'লে
"জোৱাই যাবগৈ আজি,
যাচোন ভাল পচলা এটা কাটি আন
দি পঠাও ঘৰলৈ বুলি।"

.
এই কথা শুনি জোৱায়েক বেঙে
মুটা গৰুৰ দৰে হ'ল
আৰু খঙত শহুৰেকক একো
কৰিব নোৱাৰি খুলশালীয়েককে
এটা বাঁহফলা চৰ দি ক'লেঃ
"বায়েৰক হাতীলৈ বিয়া দিছিলি
নেকি?

পচলা পচলা পচলা"॥  😜

☞ Like us on :- Facebook

Comments