Braking News

গৰম দিন।
সিংহ এটা গছৰ ছাঁত জিৰণি লৈ আছিল।
সেই সময়তে নিগনি এটা কৰবাৰ পৰা আহি,
সিংহটোৰ
গাত উঠিল হি।
সিংহৰ বৰ খং উঠিল। সি নিগনিটোক একে থাপে
ধৰিলে
আৰু মাৰি
পেলাবলৈ ল'লে।
নিগনিটোৱে ক'লে…, "…মহাৰাজ মোক ক্ষমা
কৰক। আপুনি মোক
এৰি
দিলে, ভৱিষ্যতে মই আপোনাক সহায় কৰিম…!"
সিংহই হাঁহিলে। "…তই সাধাৰণ নিগনিয়ে মোক
কিডাল
সহায়
কৰিবি…? যা বাৰু তোক এৰি দিলো…!" .
বহুদিনৰ পাচত এদিন, সেই সিংহটো চিকাৰীৰ
জালত
পৰিল। চিঞৰত
সি গগন ফালিলে। সেই সময়তে নিগনিটো আহি
তাত
ওলালহি।
সি ক'লে, "…চিন্তা নকৰিব মহাৰাজ, মই
আপোনাক
ৰক্ষা
কৰিম…!"
এই বুলি কৈ নিগনিটো গুচি গ'ল।
সেই গ'ল যি গ'ল…, তাৰপাছত কোনো
খবৰেই
নাই।
সিংহ ৰৈ থাকিল, সময় গৈ থাকিল। নাই…,
নিগনিৰ কোনো
খবৰ নাই।

দুঘন্টা মানৰ পিছত নিগনি আহি ওলালহি।
পিচে অকলে
নহয়, লগত
পূৰা
'মিডিয়া' লৈ আহিল।
বাতৰি কাকত, নিউজ চেনেল, …মুঠতে পূৰা সংবাদ
মাধ্যম লৈ আহিল।
আহিয়েই চিধা সিংহৰ গাত উঠিল গৈ। লগে-
লগে
কেমেৰাৰ 'ফ্লাচ'
জিলিকি উঠিল, ভিডিঅ' ৰেকৰ্ডিং আৰম্ভ
হৈ গ'ল।
তাৰপাছত নিগনিয়ে ভাষণ আৰম্ভ কৰিলে…,
"…
শ্ৰদ্ধেয় অসমবাসী
ৰাইজ,
আপোনালোকৰ বহুতেই জানে যে এই
সিংহটোক মই আগতেও এবাৰ
বচাই
থৈছো। কিন্তু হ'লে কিডাল হব…!
মাত্ৰ অসমৰ এল. পি. স্কুলৰ কিতাপত হে
খবৰটো
ছপা হ'ল।
অসমৰ বাহিৰত কোনো গমেই নাপালে।
গতিকে
এইবাৰ সেই ভুল
নকৰো।

এইবাৰ পূৰা 'লাইভ কভাৰেজ' হব, …
অসমৰ ইমান ধুনীয়া 'সাধুকথা' গোটেই
দেশে
জানিব লাগিব। নহয় জানো ৰাইজ সকল  ??

☞Like Us on Facebook
☞ Follow Us on Twitter

Comments

Popular Posts