Bohag Bihu Spcl....

বিহু বুলি
বেল্ট খুলি,
খালো পিঠা
লাগিল লেঠা ।
পিঠা আছিল ঘিলা
লেটিন হ'ল ঢিলা ।
কুৰুক -ভুৰুক পেটৰ মাত
ঘনাই ধৰো লেটিনৰ বাট ।
বহি দিলেই হয়
নিজে নিজে বয় ।
হাগি হাগি হ'লো লেহুকা
চেনীমাইক দিয়া নহ'ল জেতুকা ।
আবেলিলৈ অলপ আৰাম পাই
জেতুকা চিঙিলো ভাল চাই ।
পাহাৰ বগাই কপৌফুল অনা নাই
প্লাষ্টিকৰ কপৌফুল দোকানতে পাই ।
প্ৰাণৰ পুতলী মোৰ চেনীমাই
মোলৈ আছিল বাট চাই ।
কাষতে তাইক বহুৱাই
টোপোলাতো দিলো আগুৱাই ।
তাই মৰতীয়ে সুযোগ পাই
চুমাৰে দিলে মোক ওপচাই ।
কুৰুক-ভুৰুককৈ দিলে মোৰ পেটে মাত
সন্দেহতে দি চালো জেগাত হাত ।
উহ! ৰক্ষা জেকা নাই
গোন্ধত নাক আমোলমোলাই ।
সান্দহ পিঠা চিৰা দৈ
চেনীমাই আহিল এঠালি লৈ ।
ভয়তে বোলো হে ৰাম
এইদম মই কেনেকৈ খাম ?
তায়ো আকৌ জেদ ধৰি
মোক ক'লে খা শেষ কৰি ।
তাই গ'ল পানী আনিবলৈ বুলি
সেই সুযোগতে মই ধূতি খুলি ,
আধাখিনি মই খাবলৈ এৰি
বান্ধি পেলালো বাকীখিনি একেলগ কৰি

ভৰি চপাই চকু জপাই
খাই পেলালো বাকী সোপাই ।
খাই দিলো পানী
পেটত ধৰিলে টানি ।
কুৰুক-ভুৰুক পেটৰ মাত
জেকি উঠিল তলৰ বাট ।
ফুচ্-ফাচ্ ধুচ্-ধাচ্
গোন্ধাই উঠিল আচ-পাচ্ ।
মৰতী তাই চেনীমাই
দেৰিকৈ উঠিল বুজিপাই ।
নাকত তাই সোপাদি
মোক প্ৰায় খেদাদি ,
আগতে নকলি কিয় কেৰপাই
আছযে লাজতে ধৰফৰাই ।
যা যা জল্ডি হাগি আহ
টিপি টিপি মোৰ উহ আহ !
যাওঁতে অলপ মই দৌৰি
পৰি গ'ল অকন অকন উফৰি ।
পিৰালিৰ কুকুৰে ফেনেকি
দিলেহি জিভাৰে চেলেকি ।
লেটিনত বহি ভৰি মেলি
গেথাঁই গেথাঁই দিলো ঠেলি ।
এইবাৰ মোক কোনে পাই
এৰি দিলো ধাই-ধাই ।
হাগি হাগি লেটিনত বজাই ঢোল
কাণত ধৰিলো পিঠা খাই নকৰো এনে ভুল ।
@HahiDotCom

Comments

Popular Posts