সকলোৰে চিৰপৰিচিত পাদ

প্ৰশ্নঃ -- পাদ কাক বোলে ? তোমাৰ
নিজৰ ভাষাৰে চমুকৈ বুজাই লিখা l
-------------------- নম্বৰ : > ১০
.
উত্তৰ -- পাকস্থলীত লুকাই থকা
কিছুমান দুষ্ট বায়ু যি বিশেষ
প্রক্রিয়াৰদ্বাৰা পায়ুপথেদি নির্গত হয়,
তাকে পাদ বোলে ।
.
পাদ হৈছে মানৱজাতিৰ বাবে অতি
জৰুৰী
এটা পন্থা । পাদ গৱেষণাত ব্যস্ত থকা
বিভিন্ন বিশেষজ্ঞ সকলৰ মতে
সাধাৰণতে পাদ দুই প্রকাৰৰ । যেনে...
১) ঠাচ পাদ ।
২) ফুচ পাদ ।
.
ঠাচ পাদ :- যি পাদে মানুহৰ আৱেগক
লৈ
খেলা কৰে, সেই পাদেই হৈছে ঠাচ
পাদ।
এইবোৰ পাদ সাধাৰণতে নানা ৰকমৰ
সুৰেৰে নিজকে আগমন ঘটে । শব্দ
প্ৰদূষণৰ অভিযোগ পোৱা গ'লেও এই
পাদে বেছিভাগ সময়েই মানুহক
বিনোদিত
কৰে ।
.
ফুচ পাদ :- নিজকে মুক্ত কৰিবৰ বাবে
পায়ুপথৰ কাষত আহি লুকা-ভাকু খেলি
থকা পাদকে ফুচ পাদ বোলে । এইবোৰ
পাদৰ কোনো অস্তিত্ব নাই যদিও
গোন্ধৰ দ্বাৰাহে ইয়াৰ অস্তিত্ব
অনুভৱ কৰিব পৰা যায় । এইধৰণৰ
পাদবোৰ সাধাৰণতে পৰিৱেশ প্ৰদুষণ
কৰি থাকে।
.
.
@hahidotcom
মানৱ জীৱনত পাদৰ গুৰুত্ব
অপৰিসীম। মানুহৰ পেটত যেতিয়া
মিথেন
গেছ জমা হৈ যায় আৰু তেয়িয়াই
মানুহে
মধ্যাকর্ষণ শক্তিক বুঢ়া আঙুলি
দেখুৱাই মহাশূন্যত পাদবোৰ উৰোৱাই
দিয়ে । আহক আমি অসমীয়াই পাদক
জাতীয় বায়ু হিচাপে বিশ্ববাসীৰ
আগত
দাঙি ধৰো । পুৰণি বেয়া স্মৃতিবোৰ
পাদৰ লগত মিলাই দিও । আহক, আমি
সকলোৱে ভেদাভেদ পাহৰি
প্ৰতিযোগিতাৰ চলেৰে পাদাপাদি
আৰম্ভ কৰো ।
.
.
.
.
.
এই অসমভিত্তিত পতা পাদৰ
প্ৰতিযোগিতাৰ পৰাই আমি গম পালো
যে পাদৰ শব্দহে আছে, আকৃতি নাই ।
অদৃশ্যমান ৷ পাদে ধনী-দুখীয়া
নিবিচাৰে, ই
সকলোৰে গৰ্ভত থকা এটি কনমাণি
বায়ুৰে ভৰা গন্ধযুক্ত দ্ৰব্য ।
কাৰোবাৰ গৰ্ভত যদি গন্ধ নাই
কাৰোবাৰ আকৌ দুৰ্গন্ধ৷ ই গৰ্ভত
যেতিয়া থাকে অলপ কষ্ট সহ্য কৰিবলগা
হয়৷ সেই কষ্ট সহ্য কৰিব নোৱাৰি
কোনোজনে ইয়াক বাহিৰলৈ পঠোৱাৰ
চেষ্টা কৰে৷ বিভিন্ন জনে ইয়াক
বিভিন্ন
সুৰৰ দ্বাৰাও পৰিচালনা কৰে । যেনে -
বাঁহীৰ সুৰত, চা ৰে গা মা পা ৰ সুৰত,
কোনোৱে আকৌ সুহুৰিৰ দৰে,
কোনোৱে বুলেটৰ মাত টোৰ সুৰত,
বহলুৱা সমাজত বহুতে সুৰ নিদিয়াকৈ
মিউট মাৰিয়েই এৰি দিয়া বুলি জনা
যায়৷
যেনে তেনে ইয়াক বাহিৰ কৰিব
পাৰিলে
তাতোকৈ আৰামদায়ক কাম একো নাই৷
যদি ই শক্তিশালী হয় তেন্তে
বাহিৰলৈ
পঠোৱাৰ সময়ত ইয়াৰ শব্দৰ সৃষ্টি হয়
ঠিক নিজৰাৰ পানী শিলে শিলে
ঘহঁনি
খালে
ওলোৱা শব্দৰ দৰে৷ আটাইতকৈ ডাঙৰ
কথাটো হ’ল যেতিয়া ই দুৰ্বল হৈ থাকে
তেতিয়া যদি বাহিৰলৈ পঠোৱাৰ
চেষ্টা
কৰে তেন্তে ই বাহিৰত খলকনিৰ সৃষ্টি
কৰে৷ বাহিৰলৈ ওলাবৰ সময়ত লাজ ভয়
একো নকৰে, সকলোৰে সন্মুখত
থাকিলেও বা অকলে থাকিলেও ই
ওলাব
পাৰে৷ ই জাতি ধৰ্ম বৰ্ণ স্থান কাল
পাত্ৰ একো নামানে মাথো
বাহিৰলৈ
ওলাব পাৰিলেই ইয়াৰ ৰাজত্ব, ভিতৰত
কষ্ট খায় থাকিব নিবিচাৰে ।
.
@hahidotcom
ফেচবুকতো পাদৰ ব্যৱহাৰ অপৰিসীম ।
যদি কোনো ছোৱালীয়ে ষ্টে'টাছ
দিয়ে....
.
"উফ ! পাদ মাৰি দিলো ! যা গন্ধ"
.
তেতিয়া নিশ্চিতভাৱে তাত আমাৰ
ল'ৰাবোৰৰ কমেন্ট থাকিব এইধৰণৰ......
--- "তোমাৰ পাদৰ গুন্ধ কি ধুনীয়া''
--- ''পাদটো কিন্তু মোৰ নাকৰ ওচৰতে
মাৰা যেন লাগিল''
--- "তুমি কি পাৰফিউম ইউচড কৰা ?''
--- ''ইমান সুগন্ধ"
--- "লক্ষিমী ছোৱালী ! তুমি ইমান
সুন্দৰকৈ কেনেকৈনো পাদিব পাৰা ?''
--- "মোৰ এক্স গার্লফ্রেন্ডও ঠিক
এইদৰেই পাদ মাৰে, খুব মিচ কৰিছো
তাইক ।''
--- ''আজি তোমাৰ পাদৰ গোন্ধতকৈ
গেলা গৰমটোহে বেছি অশান্তিকৰ ।''
---''তুমি সদায় এনেকৈ পাদানে ?''
--- ''ঐ পাদুৰী, তই মা-দেউতাৰৰ নাক-
কাণ কাটিলি !''
.
সদৌশেষত,
.
ছাৰ... বহু কষ্টৰে কেইবাটাও পাদ মাৰি
উত্তৰটো চমু আকাৰে লিখিলো,
নম্বৰটো অলপ চাই-চিতি দিব বুলি আশা
কৰিলো । ধন্যবাদ...

Comments

Popular Posts